Ganja seized in Guwahati: মহানগৰীৰ ISBT ত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

By

Published : Mar 28, 2023, 9:34 AM IST

thumbnail

গুৱাহাটী 28 মাৰ্চ: নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ তথা ব্যৱসায়ৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীয়ে কঠোৰ অভিযান অব্যাহত ৰাখিছে যদিও ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে নিষিদ্ধ নিচাজাতীয় সামগ্ৰীৰ বেহা ৷ অসাধু লোকে আৰক্ষীৰ চকুত ধূলি দি অব্যাহত ৰাখিছে নিষিদ্ধ সামগ্ৰীৰ বেহা ৷ আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে যিমানেই ক্ষিপ্ৰতৰ কৰিছে অভিযান, সিমানেই কৌশল সলনি কৰিছে সৰবৰাহকাৰীয়ে (Ganja seized in Guwahati ISBT) ৷  

মহানগৰীৰ ISBT ত সোমবাৰে আৰক্ষীৰ অভিযানত জব্দ হ'ল বৃহৎ পৰিমাণৰ গাঞ্জা, লগতে গ্ৰেপ্তাৰ দুটাকৈ সৰবৰাহকাৰী ৷ গড়চুক আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যেন্দ্ৰ সিংহ হাজাৰীৰ নেতৃত্বত চলা এক অভিযানত জব্দ কৰা হয় এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি ৷ অভিযানত জব্দ হয় প্ৰায় সাত লাখ টকা মূল্যৰ 77 কেজি নিষিদ্ধ গাঞ্জা ৷ ত্ৰিপুৰাৰ পৰা দুজন সৰবৰাহকাৰীয়ে TR 01 AU 1894 নম্বৰৰ ট্ৰাকখনৰ ছিটত গোপনে লৈ আহিছিল গাঞ্জাখিনি (Ganja seized in Guwahati) ৷  

ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সৰবৰাহকাৰী ত্ৰিপুৰাৰ বাবুল বিশ্বাস আৰু হাৰাধন ঋষি দাসক ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.