বিভিন্ন সমস্যা সমাধানৰ দাবীত গোলাঘাটত জিলা প্ৰশাসনিক কৰ্মচাৰীৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 3:22 PM IST

thumbnail

গোলাঘাট, 21 ডিচেম্বৰ : সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে বৃহস্পতিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে চৰকাৰী কৰ্মচাৰীসকলে ৷ জিলা প্ৰশাসনিক কৰ্মচাৰীক সুকীয়া গ্ৰেড পে প্ৰদান কৰা, জিলা আয়ুক্ত কাৰ্যালয়ত অধীক্ষক আৰু গাণনিকৰ পদ সৃষ্টি কৰা, মুখ্য সহায়কৰ পদ সৃষ্টি কৰা, জাৰীকাৰকসকলকো অতিৰিক্ত 3 শতাংশ দৰমহা প্ৰদান কৰা, নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন নীতি পুনৰ প্ৰৱৰ্তন কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰীসকলে ৷

আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত গোলাঘাটত জিলা প্ৰশাসনিক কৰ্মচাৰীসকলেও ৰূপায়ন কৰে দুঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৷ যাৰ বাবে স্তব্ধ হৈ পৰে গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ৰ কাম কাজ ৷ আনহাতে চৰকাৰে যদিহে কৰ্মচাৰীৰ দাবীসমূহ শীঘ্ৰে পুৰণ নকৰিলে প্ৰশাসনিক কৰ্মচাৰী পৰিষদে অহা 29 ডিচেম্বৰত সৰ্বাত্মক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী কৰ্মচাৰীসকলে ৷

লগতে পঢ়ক : ভতিজাকৰ কুঠাৰৰ ঘাপত প্ৰাণ বায়ু উৰিল পেহাকৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.