ভতিজাকৰ কুঠাৰৰ ঘাপত প্ৰাণ বায়ু উৰিল পেহাকৰ

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 2:31 PM IST

thumbnail

গোলাঘাট, ২০ ডিচেম্বৰ: গোলাঘাট জিলাৰ মেৰাপানীৰ নলনীপথাৰ নাহৰণিত গাঁৱত ভতিজাক হাতত প্ৰাণ গ’ল পেহাকৰ ৷ দুদিন ধৰি মৃত্যুৰে যুঁজি পৰাস্ত হ’ল শংকৰ দাস নামৰ এগৰাকী লোক ৷   

দৰাচলতে সোমবাৰে সন্ধিয়া সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা । শংকৰ দাস নামৰ লোকজনে সন্ধিয়া দোকানৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত নিজৰ পদুলিৰ সন্মুখত ভতিজাক ৰাজীৱ দাসে কুঠাৰৰে প্ৰহাৰ কৰে । ফলত থিতাতে ঢলি পৰে শংকৰ দাস । ইয়াৰ পাছতেই তেওঁক সংকটজনক অৱস্থাত মেৰাপানী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্য়লয় হাস্পতাললৈ প্ৰেৰণ কৰে ।  

এই লোকজনে দুদিন মৃত্য়ুৰে যুঁজি মঙলবাৰে নিশা প্ৰাণত্য়াগ কৰে । ইফালে,ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰা ৰাজীৱ দাসে মঙলবাৰে নিশা মেৰাপানী আৰক্ষী থানাত আত্মসমৰ্পন কৰে । আনহাতে,স্থানীয় ৰাইজে দোষীক উচিত শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনক দাবী জনাইছে ।

লগতে পঢ়ক:জনীয়াত অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ, শৰীৰত তেজৰ চিন পৰিলক্ষিত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.