নাৰায়ণপুৰত বিশুদ্ধ পানীৰ বটলত ওলাল শেলাই

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 2:51 PM IST

thumbnail

নাৰায়ণপুৰ, ১ ডিচেম্বৰ : লখিমপুৰ জিলাৰ নাৰায়ণপুৰত খনিজ পদাৰ্থযুক্ত খোৱাপানীৰ নামত বিক্ৰী কৰিছে বৰবিহ । নাৰায়ণপুৰৰ দোৰপাঙত সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড । Natura Pure নামৰ খনিজ পদাৰ্থযুক্ত খোৱাপানীৰ বটলত ওলাইছে শেলাই । দোৰপাং চেন্টাৰৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা চিত্ৰ বৰা নামৰ এজন যুৱকে ক্ৰয় কৰিছিল এটা পানীৰ বটল । উক্ত পানীৰ বটলটোত শেলাই জাতীয় এবিধ পদাৰ্থ ওলোৱাত চিন্তিত হৈ পৰে যুৱকজনৰ লগতে অঞ্চলটোৰ লোকসকল ।  

ৰাইজে ধেমাজিৰ নলনি পামৰ "মা বৈষ্ণো ফুডচ এণ্ড বেভাৰেজ" নামৰ খনিজ পদাৰ্থযুক্ত খোৱাপানী কোম্পানীটোৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে । উল্লেখ্য যে কোম্পানীটোৰ ধেমাজি জিলাৰ নলনি পামৰ উক্ত ফেক্টৰীত পেকেজিং কৰা খনিজ পদাৰ্থযুক্ত খোৱাপানীৰ বটলত পূৰ্বতেও শেলাইযুক্ত দ্ৰৱ্য উলোৱাৰ বাতৰি ই টিভি ভাৰতত সবিস্তাৰে প্ৰকাশ পাইছিল । ইয়াৰ পিচতো খাদ্য বিভাগে ফেক্টৰীটোৰ বিৰুদ্ধে বিশেষ ব্য়ৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক:লুৰীণজ্যোতি গগৈক 'ভীমবৰ দেউৰী যুৱ বঁটা' প্ৰদান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.