লুৰীণজ্যোতি গগৈক 'ভীমবৰ দেউৰী যুৱ বঁটা' প্ৰদান

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 1:42 PM IST

thumbnail

মাজুলী, ১ ডিচেম্বৰ : মাজুলীত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক 'ভীমবৰ দেউৰী যুৱ বঁটা' প্ৰদান কৰা হয় । দেউৰী পিপ'লছ জাষ্টিছ ফ'ৰামৰ উদ্যোগত প্ৰদান কৰা হয় এই বঁটা। সত্ৰ নগৰী মাজুলীৰ শ্ৰীৰাম দেউৰীত অনুষ্ঠিত ৭৬ তম জননেতা ভীমবৰ দেউৰীৰ মৃত্যু বাৰ্ষিকী অনুষ্ঠানত লুৰীণজ্যোতি গগৈক এই বঁটা প্ৰদান কৰা হয় ।

এই বঁটা গ্ৰহণ কৰি লুৰীণজ্যোতি গগৈয়ে কয় যে বদৰুদ্দিন আজমল বিজেপিৰ অক্সিজেন । বদৰুদ্দিন আজলম নহ'লে বিজেপি দল নাথাকে । বিজেপিক ধৰ্মীয় মেৰুকৰণ কৰিবলৈ এজন ব্যক্তিক লাগে আৰু সেইজনেই হৈছে বদৰুদ্দিন আজমল । বদৰুদ্দিন আজমলে যিদিনাই কিবা এটা কয় সেইদিনাই হিমন্ত বিশ্ব শৰ্মায়ো কিবা এটা কয় ।  

ইপিনে,অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে 'কা' সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে 'কা' ৰ বাবে অসমৰ ৰাইজে যুক্তিৰে প্ৰতিবাদ কৰিছে । 'কা' ৰ বাবেই ৫ জনকৈ যুৱক নিহত হ'ল, বহু জন গুলিবিদ্ধ হ'ল । 'কা' খন অসমৰ মানুহে আগতেও গ্ৰহণ কৰা নাই আৰু আগলৈও নকৰে । যদি বিদেশীৰ বোজা গ্ৰহণ কৰিবৰ মন আছে নৰেন্দ্ৰ মোদীৰ নিজৰ ঠাইত নিয়ক অসমত নহয় । অসম বিদেশীৰ চৰণীয়া পথাৰ নহয় বুলি মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ।

লগতে পঢ়ক:হাৱালাৰ ধন আত্মসাৎ কৰি এতিয়া আৰক্ষী-সাংবাদিকৰ আগত ঢাকিছে নাক!

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.