Protest against NHPC: NHPC বন্ধ কৰাৰ দাবীত ধেমাজিত AJYCPৰ প্ৰতিবাদ

By

Published : Oct 28, 2022, 6:05 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে পুনৰ উত্তাল ধেমাজি (Protest against NHPC)। বহু বিতৰ্কিত ২০০০ মেগাৱাট ক্ষমতা সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবীত ধেমাজিৰ কাছাৰী ময়দানৰ সন্মুখত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে (AJYCP protest against NHPC)৷ দুপৰীয়া ১২ বজাৰ পৰা বিয়লি দুই বজালৈ বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল কৰি তোলে সংগঠনটোৱে । NHPCৰ পুত্তলিকা দাহ কৰে সংগঠনটোৰ নেতাসকলে । উল্লেখ্য যে শেহতীয়াকৈ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পথলীত পাহাৰ আৰু পথ খহি কেইবাটাও অঘটন সংঘটিত হৈছে ৷ সেয়ে ভয়ংকৰ ৰূপ লোৱা NHPCৰ নিৰ্মাণ কাৰ্য বন্ধৰ দাবী জনায় সংগঠনটোৱে ।

Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.