আজমল ছুপাৰ ৪০ৰ তিনি শতাধিক কৃতী শিক্ষার্থীক সম্বৰ্ধনা আজমল ফাউণ্ডেচনৰ

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 9:04 PM IST

thumbnail

হোজাই, 26 নৱেম্বৰ : আজমল ফাউণ্ডেচনে দেওবাৰে সম্বৰ্ধনা জনালে 300 গৰাকী কৃতী শিক্ষাৰ্থীক ৷ হোজাইৰ মৰিয়ম আজমল ৱ’মেনচ্ কলেজ অব্ চায়েন্স এণ্ড টেকন’লজীৰ চৌহদত অনুষ্ঠিত বৃহৎ সম্বৰ্ধনা অনুষ্ঠানটোত সম্বৰ্ধিত হ’ল আজমল ছুপাৰ ৪০ ৰ জৰিয়তে NEET আৰু JEE- 2023ত সফলতা অৰ্জন কৰা 300 শিক্ষাৰ্থী ৷

উক্ত প্ৰৱেশ পৰীক্ষা দুটাত সফলতা অৰ্জনেৰে বিভিন্ন চিকিৎসা আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়ত নামভৰ্তি কৰিবলৈ সক্ষম হোৱা শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা অনুষ্ঠানটোত আজমল ফাউণ্ডেচনৰ মুখ্য ন্যাসৰক্ষী তথা সাংসদ মৌলানা বদৰুদ্দিন আজমলো উপস্থিত থাকে ৷

বদৰুদ্দিন আজমলৰ উপৰিও সম্বৰ্ধনা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাবে ডাঃ ৰৌস্বন শ্বেখ, হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, জিলা আয়ুক্ত লাচিত কুমাৰ দাস, জিলা আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাকে ধৰি কেবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক : বদৰুদ্দিন আজমলৰ সপোন সপোনেই হৈয়ে থাকিব; অশোক সিংহল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.