ETV Bharat / state

বদৰুদ্দিন আজমলৰ সপোন সপোনেই হৈয়ে থাকিব; অশোক সিংহল

author img

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 8:05 PM IST

Minister Ashok Singhal
ডুমডুমাত মন্ত্ৰী অশোক সিংহল

ডুমডুমা নগৰ ৰাজহুৱা খেলপথাৰত ভাৰতীয় জনতা পাৰ্টীৰ বিশাল গণ সমাবেশ ৷ মন্ত্ৰী অশোক সিংহলৰ উপস্থিতিত কংগ্ৰেছ দলৰ লগতে বিভিন্ন ক্ষেত্ৰৰ ১,৯৪৭ গৰাকী লোকৰ বিজেপিত যোগদান ৷ বদৰুদ্দিন আজমলৰ সপোন সপোনেই হৈ থাকিব বুলি মন্তব্য অশোক সিংহলৰ ।

ডুমডুমাত বিজেপিৰ বিশাল গণ সমাবেশ

তিনিচুকীয়া, 26 নৱেম্বৰ : "বদৰুদ্দিন আজমলৰ মাদ্ৰাছা খোলাৰ সপোন বিজেপিয়ে কেতিয়াও সফল হ’বলৈ নিদিয়ে ৷ বদৰুদ্দিন আজমলৰ সপোন সপোনেই হৈয়ে থাকিব ৷" এই মন্তব্য মন্ত্ৰী অশোক সিংহলৰ ৷ ডুমডুমাত দেওবাৰে অনুষ্ঠিত হোৱা বিজেপিৰ এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে মন্ত্ৰীজনে ৷

অন্যহাতে বিধায়ক অখিল গগৈয়ে বিষয়া-ঠিকাদাৰসকলক অন কেমেৰা দাবী ধমকি দিয়াৰ বিষয়ে সাংবাদিকৰ প্ৰশ্নত মন্ত্ৰী অশোক সিংহলে কয় যে, ৰাইজে সকলো চাই আছে ৷ লগতে সাংবাদিকসকলে এই নেতাসকলৰ চৰিত্ৰটো ৰাইজৰ আগত দাঙি ধৰিবলৈ সক্ষম হৈছে বুলি কৈ সাংবাদিকসকলক ধন্যবাদ দিয়ে মন্ত্ৰীজনে ৷ তেওঁ কয় যে, ৰাইজ এতিয়া মনে মনে আছে ৷ যিদিনা ৰাইজ ভোট দিবলৈ ওলাব, সেইদিনা গোটেই হিচাব হ’ব ৷ এটা এটা হিচাব কৰিহে ৰাইজে ভোট দিব বুলি মন্তব্য কৰে মন্ত্ৰী সিংহলে ৷

উল্লেখ্য যে, 2024 ৰ লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে শাসকীয় দল বিজেপি ৷ তৃতীয়বাৰৰ বাৰৰ বাবে দিল্লীৰ মচনদ দখলৰ বাবে এতিয়া কুচকাৱাজ আৰম্ভ কৰিছে শাসনাধিস্থ দলটোৱে ৷ অসমতো লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে আৰম্ভ কৰিছে ব্যাপক সাংগঠনিক তৎপৰতা ৷ ৰাজ্যৰ ঠায়ে ঠায়ে দলটোৱে অনুষ্ঠিত কৰিছে যোগদান সভাৰ লগতে বিভিন্ন সাংগঠনিক কাৰ্যসূচী ৷

তিনিচুকীয়া জিলাতো বিজেপিয়ে আৰম্ভ কৰিছে ব্যাপক সাংগঠনিক তৎপৰতা ৷ দেওবাৰে জিলাখনৰ ডুমডুমা নগৰ খেলপথাৰত বিজেপিয়ে এক বিশাল গণ সমাবেশ অনুষ্ঠিত কৰে ৷ ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত অনুষ্ঠিত কৰা এই বিশাল গণ সমাবেশত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷ কাৰ্যসূচীত মন্ত্ৰী অশোক সিংহল, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, ডুমডুমা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাৰ লগতে বিজেপিৰ বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মী সকল উপস্থিত থাকে ৷

এই কাৰ্যসূচীতেই কংগ্ৰেছ দলৰ বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মীৰ লগতে বিভিন্ন ক্ষেত্ৰৰ 1,947 গৰাকী লোকে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰা বুলি ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাই উল্লেখ কৰে ৷

লগতে পঢ়ক : ৯০ সংখ্যক ৰাস মহোৎসৱত উখল-মাখল নলবাৰীৰ হৰিমন্দিৰৰ বাকৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.