MLA arrested: আৰক্ষী চকীত গুণ্ডাগিৰি অভিযোগত গ্ৰেপ্তাৰ বিধায়ক নিজামউদ্দিন

By

Published : Jun 28, 2023, 9:35 PM IST

thumbnail

কৰিমগঞ্জ, 28 জুন: হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ বিধায়ক নিজামউদ্দিন চৌধুৰীক গ্ৰেপ্তাৰ ৷ মঙলবাৰে নিশা পাঁচগ্ৰাম থানাৰ অন্তৰ্গত কাটাখাল আৰক্ষী চকীত এজন লোকক প্ৰহাৰৰ লগতে আৰক্ষীক কৰ্তব্যত বাধা দিয়াৰ অভিযোগ নিজামউদ্দিন চৌধুৰীৰ বিৰুদ্ধে ৷ বিধায়কগৰাকীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে পাঁচগ্ৰাম থানাৰ অ’চিয়ে ৷ লগে লগে তদন্তৰ বাবে গ্ৰেপ্তাৰ কৰা হয় চৌধুৰীক ৷ তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ 307, 427, 353, 148, 149 ধাৰাৰ অধীনত দাখিল কৰা হৈছে গোচৰ ৷ বৃহস্পতিবাৰে ইদৰ দিনাই আদালতত হাজিৰ কৰোৱা হ’ব চৌধুৰীক ৷

ইফালে নিজামউদ্দিন চৌধুৰীয়ে কয় যে, তেওঁ তেনেধৰণৰ কোনো আচৰণ কৰা নাই ৷ চোৰাংভাৱে চুপাৰী সৰবৰাহ কৰা ট্ৰাকৰ খবৰ দিবলৈহে আহিছিল আৰক্ষী চকীলৈ ৷ ইফালে পাঁচগ্ৰাম থানাৰ অ’চিৰ বিৰুদ্ধে চুপাৰীৰ চোৰাং সৰবৰাহত সহায় কৰাৰ বিস্ফোৰক অভিযোগ তোলে বিধায়কজনে ৷ তেওঁ কয় যে, নিশা ৰাজপথ খালী কৰি আৰক্ষীৰ সহায়ত পাৰ কৰোৱা হয় চুপাৰী ভৰ্তি ট্ৰাক ৷

লগতে পঢ়ক: Kumbhakarna: অসমৰ মুখ্যমন্ত্ৰীৰ আসনত কুম্ভকৰ্ণক দেখিছে ভূপেন বৰাই

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.