ETV Bharat / state

Kumbhakarna: অসমৰ মুখ্যমন্ত্ৰীৰ আসনত কুম্ভকৰ্ণক দেখিছে ভূপেন বৰাই

author img

By

Published : Jun 28, 2023, 7:47 PM IST

Updated : Jun 28, 2023, 9:27 PM IST

সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়ক লৈ শাসকীয় দলক কটাক্ষ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷ অসমৰ মুখ্যমন্ত্ৰীক কুম্ভকৰ্ণৰ সৈতে ৰিজালে ভূপেন বৰাই ৷

reaction of apcc president bhupen bora
Bhupen Bora slams Assam CM

অসমৰ মুখ্যমন্ত্ৰীক কুম্ভকৰ্ণৰ সৈতে ৰিজালে ভূপেন বৰাই

গুৱাহাটী, ২৮ জুন: সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ লগতে ১২ টা বিৰোধী ৰাজনৈতিক দলে বিভিন্ন দল-সংগঠন আৰু ৰাইজৰ অভিযোগ তথা মতামতসমূহ সংগ্ৰহ কৰি আছে । সেই সমূহ তথ্যভিত্তিত নিৰ্বাচন আয়োগক জমা দিয়া হ'ব । এই কথা জানিবলৈ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।

বুধবাৰে সংবাদ মাধ্যমৰ আগত বৰাই কয় যে, এতিয়ালৈকে নিৰ্বাচন আয়োগৰ পৰা সাক্ষাতৰ বাবে অনুমতি পোৱা নাই । অনুমতি বিচাৰি পত্র দিয়া চাৰিদিন হ'ল যদিও কোনো উত্তৰ অহা নাই । আনহাতে ৰাষ্ট্ৰপতিৰ সাক্ষাতৰ বাবে সৰ্বদলীয় প্ৰতিনিধি দলে ৰাষ্ট্ৰপতিলৈ দুবাৰ চিঠি দিলে যদিও উত্তৰ অহা নাই । অনুমতি নাপালেও ১২টা বিৰোধী ৰাজনৈতিক দলৰ নেতৃত্বই ৰাষ্ট্ৰপতি আৰু নিৰ্বাচন আয়োগৰ সাক্ষাতৰ বাবে দিল্লীলৈ যাব বুলি তেওঁ কয় ।

সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক লৈ ৰাজ্যজুৰি হোৱা প্ৰতিবাদৰ প্ৰসংগত তেওঁ কয় যে, বৰাকত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে প্ৰকাশিত খচৰাৰ বিৰুদ্ধে সৰ্বসাধাৰণ ৰাইজৰ সৈতে কংগ্ৰেছ নেতা-কর্মীসকলে গণতান্ত্রিকভাৱে আন্দোলনৰ কাৰ্যসূচী গ্রহণ কৰিছিল । গণতান্ত্রিক আন্দোলনৰ ভাষা বুজি নোপোৱা বিজেপি চৰকাৰৰ আৰক্ষী বাহিনীয়ে দমনমূলক নীতিৰে এই প্রতিবাদকাৰীসকলৰ ওপৰত জঁপিয়াই পৰি যি আতিশয্য চলালে সেয়া নিন্দনীয় বুলি কয় ভূপেন বৰাই ।

চৰকাৰখনে কিয় ইমান ভয় খাইছে বুলি প্ৰশ্ন কৰি তেওঁ কয় যে, চৰকাৰে জনতাৰ কণ্ঠ ৰুদ্ধ কৰিব বিচাৰিছে । জনতাৰ প্ৰতিবাদ দেখিও নেদেখা বুলি কোৱা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক তেওঁ কুম্ভকৰ্ণৰ সৈতে তুলনা কৰে । তেওঁ কয় যে, মুখ্যমন্ত্রীৰ আসনত থকাজন কুম্ভকৰ্ণ । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, ২০২৪ চনৰ লোকসভা নিৰ্বাচনক লৈ বিজেপিৰ নেতাসকল টিভিত আত্মবিশ্বাসী । টিভিৰ আগত আত্মবিশ্বাসী হোৱাৰ বাবে বিজেপিৰ নেতাসকল মানসিকভাৱে প্ৰস্তুত হৈছে । অসমৰ ৰাইজে বিজেপিৰ বিকল্পৰ সন্ধান কৰি আছে বুলি তেওঁ কয় ।

Last Updated :Jun 28, 2023, 9:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.