MLA Pradip Hazarika Resigns From AGP: আমগুৰি বাতিল নকৰিবলৈ বিজেপিয়ে নিৰ্বাচন আয়োগক পৰামৰ্শ দিছিল; অতুল বৰা

By

Published : Aug 13, 2023, 4:03 PM IST

thumbnail

যোৰহাট, ১৩ আগষ্ট: আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই কিয় পদত্যাগ কৰিলে মই বুজি পোৱা নাই আৰু আমগুৰি সমষ্টি বিলুপ্তি নকৰিবলৈ বিজেপিয়ে নিৰ্বাচন আয়োগক পৰামৰ্শ দিছিল । এই মন্তব্য অগপ সভাপতি অতুল বৰাৰ ৷ সমষ্টি পুনৰ নিৰ্ধাৰণ দাবী অগপৰ পূৰ্বৰ ৷ কাৰণ আমি খিলঞ্জীয়াক অগ্ৰাধিকাৰ দিওঁ । যোৰহাটত অনুষ্ঠিত হোৱা অসম গণ পৰিষদৰ কাৰ্যনিৰ্বাহ সভাৰ পূৰ্বে সাংবাদিক সৈতে হোৱা বাৰ্তালাপত এই কথা ব্যক্ত কৰে অগপ সভাপতি অতুল বৰাই ৷ 

বৰাই আৰু কয়, অসম গণ পৰিষদৰ ভেঁটি শক্তিশালী কৰা স্বাৰ্থত কিছু পদক্ষেপ গ্ৰহণ কৰা হৈছে । আমাৰ দলেও নিৰ্বাচন আয়োগক বিভিন্ন বিষয় ওপৰত প্ৰস্তাৱ দিছিলো, কিন্তু কিছুমান প্ৰস্তাৱ নিৰ্বাচন আয়োগে গ্ৰহণ কৰিলে আৰু কিছুমান গ্ৰহণ নকৰিলে, কাৰণ নিৰ্বাচন আয়োগ এটা স্বতন্ত্ৰ সংস্থা ৷ বিধায়ক ফণী ভূষণ চৌধুৰী নেতৃত্বত এখন কমিটিয়ে নিৰ্বাচন আয়োগক পৰামৰ্শ দিছিল এই বিষয় সন্দৰ্ভত ।

দলত আলাপ-আলোচনা মাজেৰে সকলো সমস্যা সমাধান কৰি অসম গণ পৰিষদক আগুৱাই লৈ যাব লাগিব বুলি বিভিন্ন মত প্ৰকাশ কৰে অগপ সভাপতি অতুল বৰাই । উল্লেখ্য যে, অসম গণ পৰিষদৰ ভেঁটি শক্তিশালী কৰাৰ স্বাৰ্থত অগপ কৰ্মীসকলৰ সৈতে দেওবাৰে এক গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহ সভাত অংশগ্ৰহণ কৰে অগপ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই ।

লগতে পঢ়ক: Pradip Hazarika resigns from AGP: ব্যৰ্থতা স্বীকাৰ কৰি পদত্যাগ কৰিলে অগপ বিধায়ক প্ৰদীপ হাজৰিকাই

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.