Pradip Hazarika resigns from AGP: ব্যৰ্থতা স্বীকাৰ কৰি পদত্যাগ কৰিলে অগপ বিধায়ক প্ৰদীপ হাজৰিকাই

By

Published : Aug 12, 2023, 9:23 PM IST

thumbnail

গুৱাহাটী,১২ আগষ্ট: সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাক লৈ অসন্তুষ্টি ব্যক্ত কৰি পদত্যাগ কৰিলে আমগুৰিৰ অগপ বিধায়ক প্ৰদীপ হাজৰিকাই । আমগুৰি সমষ্টি বিলুপ্তকৰণৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰি তেওঁ অগপৰ সভাপতি অতুল বৰালৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ । সমষ্টি বিলুপ্তিক লৈ নিৰ্বাচন আয়োগৰ শুনানিত তেওঁ ঘোৰ আপত্তি দৰ্শাইছিল যদিও চূড়ান্ত তালিকা খৰচা অনুসৰিয়েই আমগুৰি সমষ্টি বিলুপ্তকৰণ কৰিয়েই প্ৰকাশ কৰা হ'ল ।  

যাৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশৰ পাচতে ব্যাপক অসন্তুষ্টি ব্যক্ত কৰি তেওঁ শনিবাৰে পদত্যাগ কৰে । নিজৰ দলৰ বিষয়বাবো ত্যাগ কৰিছে হাজৰিকাই । ইতিমধ্যে তেওঁ নিজৰ পদত্যাগ পত্ৰত সবিশেষ উল্লেখ কৰিছে । পদত্যাগ সন্দৰ্ভত তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে সমষ্টিবাসীৰ আশা পূৰণ কৰিব নোৱাৰিলো । মুখ্যমন্ত্ৰীৰ ওপৰতো বিশ্বাস আছিল কিবা এটা হ'ব বুলি । কিন্তু শেষত একো নহ'ল আৰু সমষ্টি বিলুপ্ত কৰা হ'ল ।  

সেই হিচাপত নিজকে ব্যৰ্থ অনুভৱ কৰিছো বুলি তেওঁ কয় । সমষ্টিক সুৰক্ষা দিয়াৰ ব্যৰ্থতা স্বীকাৰ কৰি তেওঁ পদত্যাগ কৰা বুলি কয় । মিত্ৰদলৰ চৰকাৰত এনেকোৱা হ'ব বুলি ভৱা নাছিলো বুলি সদৰী কৰি তেওঁ কয় যে অগপ দলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰা নাছিল । কিন্তু খিলঞ্জীয়া মানুহ থকা সমষ্টিৰ বিলুপ্তি সাধন কৰাটো ভাল হোৱা নাই ।

লগতে পঢ়ক: Pradip Hazarika resigns from AGP: সমষ্টি হেৰুৱাই ক্ষোভে-অভিমানে পদত্যাগ অগপৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.