ETV Bharat / state

Pradip Hazarika resigns from AGP: সমষ্টি হেৰুৱাই ক্ষোভে-অভিমানে পদত্যাগ অগপৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ

author img

By

Published : Aug 12, 2023, 5:47 PM IST

Updated : Aug 12, 2023, 7:24 PM IST

অগপত ধুমুহা ৷ আমগুৰি সমষ্টি বিলুপ্তকৰণৰ বিৰোধিতাৰে বিধায়ক প্ৰদীপ হাজৰীকাৰ পদত্যাগ ৷ দলৰ সকলো সাংগঠনিক পদৰ পৰা পদত্যাগ কৰিলে বিধায়কগৰাকীয়ে ৷ লগতে আমগুৰি বিধান পৰিষদেও সমূহীয়াভাৱে পদত্যাগ কৰে ৷

AGP Pradip Hazarika resign
বিধায়ক প্ৰদীপ হাজৰিকাসহ আমগুৰি বিধান পৰিষদৰ সমূহীয় পদত্যাগ

গুৱাহাটী, ১২ আগষ্ট: সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাই কন্দল লগাইছে বিজিপি চৰকাৰৰ অংশীদাৰ অসম গণ পৰিষদ দলত । চূড়ান্ত তালিকাত একেবাৰেই বিলুপ্তি ঘটোৱা হ’ল অগপৰ দখলত থকা আমগুৰি সমষ্টিটো ৷

সমষ্টি নোহোৱা হোৱাৰ পিচত ক্ষোভে-অভিমানে তৎকালীনভাৱে বলৱৎ হোৱাকৈ অগপ দলৰ সকলো বিষয়বাব আৰু দায়িত্বৰ পৰা পদত্যাগ জ্যেষ্ঠ অগপ নেতা আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাই ৷ কেইবা দশক ধৰি হাজৰিকাই প্ৰতিনিধিত্ব কৰি অহা আমগুৰি সমষ্টি বিলুপ্তি কৰাৰ প্ৰতিবাদত এই পদক্ষেপ হাতত ল’লে হাজৰিকাই ৷ অগপ সভাপতি অতুল বৰালৈ এক প্ৰেৰণ কৰি পদত্যাগৰ কথা সদৰী কৰে আমগুৰিৰ বিধায়কজনে ৷

অগপৰ সাধাৰণ সম্পাদকৰ দায়িত্বৰ লগতে দলটোৰ কেন্দ্ৰীয় সমিতিৰ সদস্য পদৰ লগতে আন কেতবোৰ সাংগঠনিক বিষয়বাব আৰু দায়িত্বত আছিল প্ৰদীপ হাজৰিকা । এই সকলো দলীয় পদৱীৰ পৰা অব্যাহতি বিচাৰি পত্ৰ যোগে পদ ত্যাগ কৰিলে প্ৰদীপ হাজৰিকাই।

প্ৰদীপ হাজৰিকাৰ মন্তব্য যে আমগুৰিৰ দৰে এটা ঐতিহাসিক সমষ্টিৰ বিলুপ্তিকৰণ প্ৰক্ৰিয়া ৰোধ কৰাত বিফল হোৱা আৰু নীৰৱ দৰ্শক হৈ ৰোৱা বুলি সমষ্টিবাসী সাধাৰণ নাগৰিক আৰু দলৰ তৃণমূল কর্মী সৰ্বস্তৰৰ পৰা ধিক্কাৰৰ সন্মুখীন হৈছে তেওঁ । সেয়ে তেওঁ নিজৰ সমষ্টিবাসী ৰাইজৰ ভৱিষ্যতক সুৰক্ষা দিয়াৰ বিফলতাৰ নৈতিক দায়িত্ব মূৰ পাতি লৈ পদত্যাগ কৰিছে ৷

AGP Pradip Hazarika resign
বিধায়ক প্ৰদীপ হাজৰিকাৰ পদত্যাগ পত্ৰ

বিধায়কগৰাকীয়ে সভাপতি অতুল বৰালৈ লিখা পদত্যাগ পত্ৰখনত লিখিছে এইদৰে, ‘‘আন্তৰিক শ্ৰদ্ধা গ্ৰহণ কৰিব । বিশেষ আপুনি অৱগত যে অসমৰ লোকসভা আৰু বিধানসভাৰ সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্দ্ধাৰণৰ অংশ হিচাবে ভাৰতৰ নিৰ্বাচন আয়োগৰ দ্বাৰা যি চূড়ান্ত তালিকা প্ৰকাশ কৰা হৈছে তাৰ পৰা উজনি অসমৰ প্ৰায় ৯৯% খিলঞ্জীয়া জনসাধাৰণৰ বসতিপ্ৰধান দুটাকৈ সমষ্টি, আমগুৰি আৰু লাহোৱালৰ নাম বাদ দিয়া হৈছে । ইয়াৰ ভিতৰত আমগুৰি সমষ্টিটো অসমৰ সবাটোকৈ পুৰণি আৰু ঐতিহাসিক সমষ্টিকেইটাৰ অন্যতম হোৱাই নহয় ছয়শ বছৰীয়া আহোম স্বৰ্গদেউ সকলৰ শাসনকাল আৰু পিচৰ ব্ৰিটিছ শাসনৰ সময়তো এই ভূখণ্ডই এক সুকীয়া ৰাজনৈতিক আৰু সামৰিক মৰ্যদা লাভ কৰিবলৈ সক্ষম হৈছিল ।’’

‘‘তদুপৰি বৰ্তমানৰ শিৱসাগৰ জিলাৰ পশ্চিম সীমাৰ পৰা আৰম্ভ হোৱা এই সমষ্টিৰ ভূখণ্ড সম্পূৰ্ণ প্ৰাকৃতিক সীমাৰে আগুৰা, যিটো ৰাজ্যখনৰ বহু সমষ্টিৰ ক্ষেত্ৰত দেখা পোৱা নাযায় । আপুনি এইটোও অৱগত যে যি বিলাক নীতি-নিৰ্দেশনাৰ দোহাই দি অসমৰ প্ৰাণকেন্দ্ৰ শিৱসাগৰ জিলাৰ এটা সমষ্টি বিলুপ্ত কৰি জিলাখনৰ খিলঞ্জীয়া জনসাধাৰণৰ প্ৰতিনিধিত্ব কৰ্তন কৰা হল সেইসমূহ নীতি-নির্দেশনা একেখন ৰাজ্যৰে অন্য অংশত আখৰে আখৰে পালন কৰা হোৱা নাই ।’’

‘‘তদুপৰি ৰাজ্য চৰকাৰৰ সদিচ্ছা থকা হ’লে সমষ্টিৰ সীমা নিৰ্দ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ প্ৰক-মুহূর্তত ভালেকেইখন নৱগঠিত জিলাৰ পুনৰ গঠন প্ৰক্ৰিয়া স্থগিত ৰখা অথবা পূৰ্বৰ অবিভক্ত সীমা বাহাল ৰখাৰ দৰেই বিজেপি চৰকাৰৰ দিনত ঘোষিত চৰাইদেউ জিলা, অবিভক্ত শিৱসাগৰ জিলাৰ সৈতে পুণৰ একেলগ কৰি হলেও আমগুৰি সমষ্টি বিলুপ্ত কৰণ প্ৰক্ৰিয়া ৰোধ কৰিব পৰা গ’লহেঁতেন । কেৱল এয়ে নহয় পশ্চিম গুৱাহাটী, ছয়গাঁও, বঙাইগাঁও, অভয়াপুৰি ইত্যাদি অন্যান্য ভালেমান অগপ দলৰ প্ৰচুৰ জনসমর্থন থকা অথবা এই দলে প্ৰতিনিধিত্ব কৰা সমষ্টিৰ ক্ষেত্ৰটো এই সমষ্টিসমূহৰ পুনৰ সীমা নিৰ্দ্ধাৰণ দলৰ স্বাৰ্থৰ প্ৰতিকুলে হোৱা বুলি দলৰ তৃণমূল পৰ্যায়ত সর্বত্রে অভিযোগ উঠিছে । এই ক্ষেত্ৰত দলৰ জেষ্ঠ সদস্য অথবা বিষয়ববীয়া হিচাবে আমি দায়িত্বৰ পৰা মুক্ত হব নোৱাৰো ।’’

‘‘বিশেষতঃ আমগুৰি সমষ্টি মই ১৯৮৫ চনৰে পৰা প্ৰায় ৪ দশক জুৰি প্ৰতিনিধিত্ব কৰা কেৱল এটা সমষ্টি নহয় । ই মোৰ ৰাজনৈতিক জীৱনৰ এক কঠিয়াতলী আৰু মোৰ ৰাজনৈতিক যাত্ৰা পথৰ সকলো প্ৰেৰণাৰ উৎস । এক হিচাবে বৃহত্তৰ আমগুৰি আৰু আমগুৰি সমষ্টি বাসী ৰাইজৰ আশা-আকাংক্ষাক পূৰণৰ সীমিত লক্ষ্যৰেই এটা সময়ত মই মোৰ ৰাজনৈতিক জীৱন পৰিক্ৰমা আৰম্ভ কৰিছিলো । এই ফালৰ পৰা আজি সমষ্টিৰ বিধায়ক হৈ আৰু শাসনাধিস্থ দলৰ অংশীদাৰ হৈও অগপ দল আমগুৰিৰ দৰে এটা ঐতিহাসিক সমষ্টিৰ বিলুপ্তিকৰণ প্ৰক্ৰিয়া ৰোধ কৰাত বিফল হোৱা আৰু নীৰৱ দৰ্শক হৈ ৰোৱা বুলি সমষ্টিবাসী সাধাৰণ নাগৰিক আৰু দলৰ তৃণমূল কর্মী সৰ্বস্তৰৰ পৰা আজি ধিক্কাৰ আহিছে ।’’

‘‘ওপৰত উল্লেখ কৰা দিশ সমূহলৈ লক্ষ্য ৰাখি আৰু কেৱল বিধায়ক হিচাপেই নহয় অগপ দলৰ এজন জেষ্ঠ কর্মকর্তা হিচাপেও দলৰ স্বাৰ্থ সুৰক্ষিত কৰি ৰখা আৰু নিজৰ সমষ্টিবাসী ৰাইজৰ ভৱিষ্যতৰ সুৰক্ষা দিয়াৰ বিফলতাৰ নৈতিক দায়িত্ব মুৰ পাতি লৈ তৎকালে বলৱৎ হোৱাকৈ অগপ দলৰ সাধাৰণ সম্পাদক, দলৰ কেন্দ্ৰীয় সমিতিৰ সদস্য পদ তথা সমূহ সাংগঠনিক বিষয় বাব আৰু দায়িত্বৰ পৰা অব্যাহতি বিচাৰি এই পত্ৰ যোগে মোৰ পদ ত্যাগ কৰিলো । যোৱা সময়চোৱাত দলৰ সাধাৰণ সম্পাদক হিচাবে কাৰ্যসম্পাদন কৰা আৰু অন্যান্য দলীয় দায়িত্ব পালন কৰাত আপোনাৰ পৰা পোৱা সহায় সহযোগিতাৰ বাবে মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা গ্ৰহণ কৰিব ৷’’

মন কৰিব লগীয়া যে খচৰা প্ৰকাশৰ পাচতেই নিৰ্বাচন আয়োগে গুৱাহাটীত তিনিদিনীয়াকৈ ৰাহুৱা শুনানি অনুষ্ঠিত কৰি বিভিন্ন গোটৰ নেতা-প্ৰতিনিধিৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিছিল ৷ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পাচত নিৰ্বাচন আয়োগে এক বিবৃতিযোগে কয় যে সকলো পক্ষৰ ৰাইজৰ পৰামৰ্শ গ্ৰহণ কৰিহে তালিকাখন প্ৰকাশ কৰা হৈছে ৷

কিন্তু এই তালিকা প্ৰকাশ পোৱাৰ পাচত অভিযোগ উত্থাপন হৈছে যে বিভিন্ন দল-সংগঠনৰ দাবী নৰজিল ৷ বৰঞ্চ আয়োগে চৰকাৰৰ অধিকাংশ পৰামৰ্শ কাৰ্যকৰী কৰিহে চূড়ান্ত তালিকা প্ৰকাশ কৰিলে ৷

লগতে পঢ়ক: Constituency Delimitation: চৰকাৰৰ অধিকাংশ পৰামৰ্শ মানি আয়োগে প্ৰকাশ কৰিলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা

Last Updated :Aug 12, 2023, 7:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.