আগদিনা মন্তব্য কৰি পিচদিনা উঠাই লয় ভূপেন বৰাই: অতুল বৰা

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 9:34 PM IST

thumbnail

নিউজ ডেস্ক, 21 নৱেম্বৰ: লোকসভা নিৰ্বাচনক লৈ ব্যাপক তৎপৰতা দেখা গৈছে অসম গণ পৰিষদত ৷ বৰ্তমানলৈকে কেইখন আসনত প্ৰতিদ্বন্দিতা কৰিব সেয়া নিশ্চিত হোৱা নাই যদিও এখন হ’লেও আসনত জয়লাভ কৰিব বুলি দৃঢ়তা প্ৰকাশ কৰিছে দলটোৰ সভাপতি অতুল বৰাই ৷ তৃণমূল পৰ্যায়ত দলক শক্তিশালী কৰাৰ উদ্দেশ্যে বিভিন্ন ধৰণে কুচকাৱাজ চলাই থকা হৈছে বুলি জানিবলৈ দিয়ে অসম চৰকাৰৰ মন্ত্ৰী তথা অগপৰ সভাপতিগৰাকীয়ে ৷

উল্লেখ্য যে বিজেপি মিত্ৰজোঁটৰ অংশীদাৰ অগপ দলক কেইখন আসন এৰি দিয়া হ’ব সেই কথা এতিয়াও পোহৰলৈ অহা নাই ৷ বিজেপিয়ে অগপ আৰু ইউ পি পি এলক এখনকৈ আসন এৰি দি বাকী 12 খনত নিজাকৈ প্ৰতিদ্বন্দিতা কৰিব বুলি চৰ্চা চলিছে যদিও, অগপক দুখন আসন এৰি দিয়াৰো সম্ভাৱনা আছে ৷ চৰ্চাত থকা এই দুখন আসন হৈছে বৰপেটা আৰু তেজপুৰ ৷

ভূপেন বৰাই কোকৰাঝাৰ আৰু ডিফুত কংগ্ৰেছে জয়লাভ কৰিব বুলি কৰা মন্তব্য সন্দৰ্ভত অগপৰ সভাপতিগৰাকীয়ে কয় যে, তেনে কথাৰ কোনো গুৰুত্ব নাই ৷ 2024 ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ ফলাফল পূৰ্বতকৈও অধিক শোচনীয় হ’ব বুলি দাবী কৰে মন্ত্ৰী বৰাই ৷ এখন বা দুখন, যিমানখনতেই নিৰ্বাচন নেখেলক কিয় এইবাৰ অগপ বিজয়ী হ’বই বুলি দৃঢ়তা প্ৰকাশ অতুল বৰাৰ ৷

লগতে পঢ়ক: ৰাইজৰ কাষলৈ যোৱা ৰাইজৰ দলত ৰাইজ দেখা নাই মন্ত্ৰী পীযুষ হাজৰীকাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.