অসমৰ মুখ্যমন্ত্ৰী সন্দৰ্ভত কি ক’লে অভিনেত্ৰী উৰ্ৱশী ৰৌতেলাই শুনক

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 6:39 PM IST

thumbnail

গুৱাহাটী, 20 ডিচেম্বৰ : অসমত উপস্থিত বলীউডৰ মোহময়ী অভিনেত্ৰী উৰ্ৱশী ৰৌতেলা । এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে গুৱাহাটীত উপস্থিত হয় অভিনেত্ৰীগৰাকী । অনুষ্ঠানৰ পূৰ্বে শক্তিপীঠ কামাখ্যা দৰ্শন কৰি অভিনেত্ৰীগৰাকী অভিভূত হৈ পৰে  ।

কামাখ্যাত উপস্থিত হৈ অভিনেত্ৰীগৰাকীয়ে মাৰ চৰণত আগবঢ়াই বিশেষ পূজা-অৰ্চনা । কামাখ্যা দৰ্শনৰ সন্দৰ্ভত মন্তব্য কৰি অভিনেত্ৰী গৰাকীয়ে কয়, ‘কামাখ্যাত আহি বহুত ভাল লাগিছে । মোৰ আটাইতকৈ প্ৰিয় শক্তিপীঠ মা কামাখ্যা । মা কামাখ্যাক মই বহুত বিশ্বাস কৰো । গুৱাহাটী মোৰ ভাল লাগে । অসমৰ অসমীয়া সাজ-পাৰ, আ-অলংকাৰ মোৰ খুব ভাল লাগে । ইয়াৰ পূৰ্বে যেতিয়া মই আহিছিলো অসমীয়া সাজ-পাৰ পৰিধান কৰি আহিছিলো । লগতে আ-অলংকাৰো পিন্ধিছিলো ৷ ইয়াৰোপৰি অসমৰ লোকসকল মোৰ ভাল লাগে ৷ তেওঁলোকৰ কথা কোৱাৰ ধৰণ মোৰ ভাল লাগে । ইয়াৰ খাদ্য বহুত ভাল’ ৷

লগতে পঢ়ক : চামাৰ-উইণ্টাৰ-ৱেডিং ফেশ্বনৰ টিপছ কণ্ঠশিল্পী সঞ্জিতা খাউণ্ডৰ মুখেৰে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.