চামাৰ-উইণ্টাৰ-ৱেডিং ফেশ্বনৰ টিপছ কণ্ঠশিল্পী সঞ্জিতা খাউণ্ডৰ মুখেৰে

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 5:35 PM IST

thumbnail

গুৱাহাটী, 19 ডিচেম্বৰ : কাপোৰ সকলোৱেই নিজৰ পছন্দতেই পিন্ধে ৷  মনৰ ভাল লগাখিনি তাতো সোমাই থাকে ৷ মানুহে নিপিন্ধিবই বা কিয় ? কিন্তু পছন্দৰ কাপোৰ পিন্ধাৰ লগতে কেইটামান গুৰুত্বপূৰ্ণ কথা মন কৰিব লাগে সকলোৱে ৷ সবিশেষ জানিবলৈ প্ৰতিবেদনটো আগলৈ পঢ়ক-

আনৰ চকুত ধুনীয়া দেখাটোৱে আমাক সন্তুষ্টি প্ৰদান কৰে যদিও কাপোৰৰ পছন্দ কিন্তু আমাৰ নিজৰেই হয় ৷ কেতিয়াও আনৰ পছন্দৰ কাপোৰ আমি কোনেও নিপিন্ধো ৷ প্ৰথমে কাপোৰে নিজৰ চকুক আকৰ্ষণ কৰিব লাগিব, তাৰ পিচতহে আহে বাকী পছন্দ-অপছন্দৰ কথা ৷ কাপোৰ বস্তুটোৱেই এনেকুৱা যে ই সময় অনুসৰি সলনি হৈ থাকে ৷ নতুন নতুন ট্ৰেণ্ড আহি থাকে আজিকালি ড্ৰেছৰ ৷ পুৰণাবোৰেই আকৌ ঘূৰি ঘূৰি নতুন ৰূপ লৈ আহে ৷ আৰু আমি তাতেই নতুনত্ব বিচাৰি ভাল পাঁও, কাপোৰৰ ট্ৰেণ্ড ফ’ল’ কৰিবলৈ বিচাৰো ৷ ট্ৰেণ্ড ফ’ল’ কৰা কথাটোৱে অৱশ্যে বিষদাৰ্থত বহুত ভিন্ন ভিন্ন অৰ্থ সূচায় ৷ কিন্তু আমি তেনেই সাধাৰণভাৱে এইটোৱে বুজাইছো যে যেতিয়া যিটো সময়ত যি ধৰণৰ সাজপাৰ চলি থাকে সকলোৱে তাকেই অনুসৰণ কৰে নতুবা কৰিবলৈ বিচাৰে; সেয়া লাগিলে ঠাণ্ডাকালিৰ পেৰাছ্যুট জেকেটেই হওক, অসমীয়াৰ মান পাটৰ কাপোৰেৰে চিলোৱা লেহেংগা-চোলিয়েই হওক বা সদ্যহতে ট্ৰেণ্ডত থকা বেগী জিনছেই হওক ৷

এই প্ৰতিবেদনত আমি আপোনালোকলৈ আগবঢ়াইছো ড্ৰেছ পৰিধান কৰাৰ আগতে মন কৰিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ টিপছ ৷ এই টিপছ কেইটা জড়িত হৈ আছে চামাৰ, উইণ্টাৰ, বিয়া, দিন আৰু ৰাতিৰ সময়ৰ সৈতে ৷ এই বিশেষ টিপছ কেইটা আমি লৈ আহিছো অসমৰ এগৰাকী বিশেষ ব্যক্তিৰ পৰা, যি সংগীতৰ লগতে ফেশ্বন ডিজাইনিঙৰ ক্ষেত্ৰতো সুন্দৰ কাম কৰি গৈ আছে ৷ সপোন নগৰী মুম্বাইত এই দুয়োটা ক্ষেত্ৰতে ইতিমধ্যে প্ৰতিষ্ঠা লাভ কৰিছে তেওঁ ৷ ইটিভি ভাৰতৰ সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ নিজৰ জীৱনৰ বহু কথা মুকলিকৈ কৈ গ’ল ৷ গুণগুণালে কেইটামান গানৰ কলিও ৷ অসমৰ সংগীত আৰু ফেশ্বন জগতৰ লগত মুম্বাইৰ সংগীত আৰু ফেশ্বন জগতৰ কিমান পাৰ্থক্য আছে, সেয়াও মুকলিকৈ ক’লে তেওঁ ৷ সৰুৰে পৰাই সংগীতৰ পৰিৱেশ পাই ডাঙৰ হোৱা সঞ্জিতা খাউণ্ডৰ অৱশ্যে প্ৰথম প্ৰেম সংগীতেই ৷ আগন্তুক বৰ্ষতে মুক্তি পাব তেওঁৰ কেইবাটাও গান ৷ লগতে বৰ্তমান চলি থকা বিয়াৰ বতৰৰ বাবেও তেওঁৰ যথেষ্ট ব্যস্ততাৰ কথা আমি জানিব পাৰিলো ৷ বহু অৰ্ডাৰৰ কাম অসম, মুম্বাইত দ্ৰুত গতিত চলি আছে ৷

ফেশ্বন ক্ষেত্ৰখনৰ সন্দৰ্ভত মন্তব্য কৰি সঞ্জিতা খাউণ্ডে কয়, ‘ফেশ্বন ডিজাইনিঙৰ পাঠ্যক্ৰম গ্ৰহণ কৰাৰ পিচত মই মুম্বাইলৈ গৈছিলো । যিহেতু মোৰ প্ৰথম লক্ষ্য সংগীত আছিল । জীৱনৰ প্ৰথম চাকৰি মই মুম্বাইতে কৰিছো । বিগত ১৩ বছৰ ধৰি মই তাত কাম কৰি আছো ।' অসম আৰু মুম্বাইৰ সংগীত ক্ষেত্ৰৰ মাজত থকা পাৰ্থক্য সন্দৰ্ভত মন্তব্য কৰি শিল্পীগৰাকীয়ে কয়, 'শিল্পী সকলো একেই । অনুশীলন সকলোৱেই কৰিবই লাগিব ।' পেছাদাৰিত্বৰ ক্ষেত্ৰতহে তেওঁ কিছু পার্থক্য অনুভৱ কৰে বুলি ব্যক্ত কৰে ৷

লগতে পঢ়ক : আজি শুনক গান, কাইলৈ আমি লৈ আহিম ফেশ্বন টিপছ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.