Nipon Goswami Dies : কামেৰে পৰিচয় দিব পৰা এজন মানুহ হেৰুৱালোঁ : বিষ্ণু খাৰঘৰীয়া

By

Published : Oct 27, 2022, 1:59 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail

জীৱন নাট সামৰিলে বিশিষ্ট অভিনেতা নিপন গোস্বামীয়ে (Veteran Actor Nipon Goswami Pass away) ৷ জীৱন বাটৰ শেষত শান্তিৰ ঠাইকণ বিচাৰি আজি গ’লগৈ অসমীয়া চলচ্চিত্ৰ জগতৰ মহীৰূহ নিপন গোস্বামী ৷ এইগৰাকী মহীৰূহৰ মৃত্যুত অসমীয়া ছবি জগতৰ লগতে সকলোতে পৰিছে এতিয়া শোকৰ ছাঁ ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো অভিনেতা নিপন গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে (CM grief on death of Nipon Goswami) ৷ আনহাতে, ৰাজ্যিক মৰ্যাদাৰে অভিনেতা নিপন গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰাৰ কথাও অসম চৰকাৰে ঘোষণা কৰিছে (Nipon Goswami state dignity Funeral) ৷ নিপন গোস্বামীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে জ্যেষ্ঠ অভিনেতা বিষ্ণু খাৰঘৰীয়াই (Bishnu Khargharia grief on Nipon Goswami death) । তেওঁ কয়, কামেৰে পৰিচয় দিব পৰা এজন মানুহ হেৰুৱালোঁ আমি । ৰাজ্যবাসীক কন্দুৱাই আজি স্বৰ্গগামী হ'ল অসমীয়া ছবি জগতৰ বলিষ্ঠ অভিনেতা নিপন গোস্বামী । প্ৰিয় অভিনেতাজনক হেৰুৱাই মৰ্মাহত হৈছে অসমৰ ৰাইজ । বিশিষ্ট চলচ্চিত্ৰ অভিনেতাজনৰ মৃত্যুত দুখ প্ৰকাশ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা বিষ্ণু খাৰঘৰীয়াৰ । নিপন গোস্বামীৰ মৃত্যুত দুখ প্ৰকাশ কৰি বিষ্ণু খাৰঘৰীয়াই কয়, কামেৰে পৰিচয় দিব পৰা এজন মানুহ হেৰুৱালোঁ আমি । তেওঁৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি স্মৃতি ৰোমন্থন কৰি আৱেগিক হৈ পৰে বিষ্ণু খাৰঘৰীয়া । একেলগে ছবিত কাম কৰাৰ দিনবোৰ সদায় মনত ৰৈ যাব বুলিও আৱেগিকভাৱে কয় বিষ্ণু খাৰঘৰীয়াই ।

Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.