Cachar District Congress new President : কংগ্ৰেছ দলে ভয় নকৰে চিবিআই, ইডি তথা আৰক্ষীক

By

Published : Apr 3, 2023, 10:49 AM IST

thumbnail

কৰিমগঞ্জ, 2 এপ্ৰিল : কংগ্ৰেছ দলৰ কাছাৰ জিলা সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে অভিজিত পালে ৷ নৱনিযুক্ত জিলা সভাপতিগৰাকীৰ আগমনৰ বিষয়ে অৱগত হোৱাৰ পিচতে দেওবাৰে বিয়লিৰ ভাগত কংগ্ৰেছ দলৰ কৰ্মী আৰু সমৰ্থকসকলে কুম্ভীৰগ্ৰামস্থিত শিলচৰ বিমানবন্দৰত ভিৰ কৰে । গুৱাহাটীৰ পৰা বিমানেৰে শিলচৰ বিমানবন্দৰত উপস্থিত হোৱাৰ সময়ত কংগ্ৰেছ কৰ্মী আৰু সমৰ্থকে নৱনিযুক্ত সভাপতি অভিজিত পালক ফুলৰ থোপা, গামোচাৰে উষ্ম আদৰণি জনায় (Abhijit Pal selected as Cachar district congress president) । 

জিলাখনৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি আনন্দিত অনুভৱ কৰি পালে ৰাইজৰ বাবে কাম কৰিবলৈ ওলায় অহা বুলি কয় ৷ তদুপৰি, স্থানীয় সমস্যা সমাধানৰ বাবে স্থানীয় ৰাইজে গ্ৰহণ কৰা আন্দোলনত যোগদান কৰিব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে পালে । তেওঁ লগতে সংবাদ মাধ্যমৰ আগত কংগ্ৰেছ দলে চিবিআই, ইডি আৰু আৰক্ষীক কেৰেপ নকৰে বুলি উল্লেখ কৰি আজি অৰ্থাৎ সোমবাৰৰ পৰা জিলা কংগ্ৰেছে ৰাইজৰ সমস্যা সমাধানৰ বাবে এক শক্তিশালী আন্দোলন আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে (Cachar district congress new president)। 

লগতে পঢ়ক : Poisonous mushrooms reaction : বিষাক্ত কাঠফুলা খাই মৃত্যু এজনৰ, পাঁচগৰাকী চিকিৎসাধীন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.