Tribute to Jayanta Hazarika : অভয়াপুৰীত ৰাণাদাৰ ৪৬ সংখ্যক মৃত্যুবাৰ্ষিকী পালন

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 1:02 PM IST

Updated : Oct 15, 2023, 1:21 PM IST

thumbnail

অভয়াপুৰী, ১৫ অক্টোবৰ : আজি জয়ন্ত হাজৰিকাৰ ৪৬ সংখ্যক মৃত্যু বাৰ্ষিকী । ৰাজ্যবাসীয়ে আজি শ্ৰদ্ধাৰে সুঁৱৰিছে গণ শিল্পীগৰাকীক ৷ বাদ পৰি ৰোৱা নাই অভয়াপুৰীও ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ অভয়াপুৰীতো গায়ক, সুৰকাৰ, সংগীত পৰিচালক, গীতিকাৰ জয়ন্ত হাজৰিকাৰ মৃত্যু বাৰ্ষিকী পালন কৰা হয় ।

আজি (দেওবাৰে) অভয়াপুৰী সাহিত্য সভা পথত স্বেচ্ছাসেৱী সংগঠন কেশলিতাৰ উদ্যোগত অমৰ সুৰশিল্পী জয়ন্ত হাজৰিকাৰ স্মৃতি দিৱস পালন কৰা হয় । কাৰ্যসূচী মতে, পুৱা সাত বজাত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সংগীত শিল্পী ধৰণি বনিক্য, সুৰ শিল্পী জয়ন্ত হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে আন এজন স্থানীয় শিল্পী ক্ষিতিশ দাসে ।

আজিৰ এই বিশেষ দিনটোৰ লগত সংগতি ৰাখি স্থানীয় শিল্পীসকলৰ দ্বাৰা সুৰ শিল্পীগৰাকীৰ কালজয়ী গীত পৰিৱেশন কৰা হয় আৰু সন্ধিয়া শিল্পীগৰাকীয়ে ৰচনা কৰা গীতসমূহ পৰিৱেশনৰ এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।

উল্লেখ্য যে, ১৯৭৭ চনৰ আজিৰ দিনটোতে মৃত্যু বৰণ কৰিছিল জয়ন্ত হাজৰিকাই । ৩৪ বছৰীয়া চমু জীৱন কালত অসমীয়া ছবি জগতলৈ উপহাৰ হিচাপে দি গৈছে বহুতো কালজয়ী গীত । এনেদৰেই আজি ৰাজ্যবাসীয়ে পালন কৰিছে চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ মৃত্যু বাৰ্ষিকী ।

লগতে পঢ়ক : Tribute to Jayanta Hazarika: শিল্পী জয়ন্ত হাজৰিকালৈ ৪৬ সংখ্যক মৃত্যুবাৰ্ষিকীত সশ্ৰদ্ধ প্ৰণাম

Last Updated : Oct 15, 2023, 1:21 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.