AATSA Protest at Duliajan: চাহ বাগিচা উচ্ছেদৰ বিৰোধিতাৰে দুলীয়াজানত আটছাৰ বিশাল গণ সমাৱেশ

By

Published : Feb 13, 2023, 6:55 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

ডিব্ৰুগড়, 13 ফেব্ৰুৱাৰী: দুলীয়াজান চাহ বাগিচাৰ প্ৰায় 25 বিঘা ভূমিৰ চাহগছ উচ্ছেদৰ বিৰুদ্ধে আটছাৰ বিশাল গণ সমাৱেশ কাৰ্যসূচী ৷ সোমবাৰে দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাই ৷ চাহ বাগিচাৰ উচ্ছেদ কাৰ্য কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ আটছাৰ (AATSA Protest at Duliajan) ৷  

উল্লেখ্য যে, শেহতীয়াকৈ অইল ইণ্ডিয়া লিমিটেডে তেল অন্বেষণ আৰু পাইপ লাইন বহোৱাৰ নামত দুলীয়াজানৰ বালিজান চাহ বাগিচাৰ প্ৰায় 25 বিঘা চাহগছ উচ্ছেদ কৰিছে (Eviction of tea gardens) ৷ যাৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে আটছাৰ লগতে বাগিচাৰ কৰ্মীসকল ৷ অইল ইণ্ডিয়া লিমিটেডৰ এই কাৰ্যৰ বিৰোধিতাৰে সোমবাৰে আটছাৰ সহযোগত শতাধিক ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ৷ ফলত উত্তপ্ত হৈ পৰিল অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয়ৰ সন্মুখভাগ ৷  

কেৱল বালিজান চাহ বাগিচাতেই নহয়, ভাদৈৰ শান্তি চাহ বাগিচা, নাহৰকটিয়াৰ জয়পুৰ চাহ বাগিচাৰো কেইবাবিঘাও চাহগছ তেল অন্বেষণ আৰু পাইপ লাইন বহুওৱাৰ নামত উচ্ছেদৰ যো-জা চলাইছে অইল ইণ্ডিয়া লিমিটেডে ৷ এনেদৰেই এতিয়া ডিব্ৰুগড় জিলাৰ কেইবাখনো চাহ বাগিচাৰ শ শ বিঘা ভূমি উচ্ছেদ কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে অইল ইণ্ডিয়া লিমিটেডে (Tea garden eviction by Oil India) ৷  

সোমবাৰে দুলীয়াজানত অসম চাহ জনজাতি ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আৰু চাবুৱা, টেঙাখাত, নাহৰকটীয়া, লাহোৱাল, ডিব্ৰুগড়, বৰবৰুৱা, মৰাণ, ৰাজগড় শাখা তথা ভাদৈ, নাওহলীয়া, টিংৰাই উপ-শাখাৰ সহযোগত ৰূপায়ণ কৰা হয় বিশাল গণ সমাৱেশ কাৰ্যসূচী ৷  

চাহ জনগোষ্ঠীৰ এক মাত্ৰ সম্বল হৈছে চাহগছ আৰু চাহগছৰ অবিহনে চাহ জনগোষ্ঠীৰ লোক জীয়াই থাকিব নোৱাৰে বুলি আটছাৰ নেতৃত্বই মন্তব্য প্ৰদান কৰি কয় যে, চাহ বাগিচাৰ উচ্ছেদ কাৰ্য কেতিয়াও মানি লোৱা নহ’ব ৷ বাগিচাৰ উচ্ছেদ বন্ধ নকৰিলে অইল ইণ্ডিয়াৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে আটচাই (AATSA protest against tea garden eviction)  ৷  

অইল ইণ্ডিয়াৰ বিৰুদ্ধে আটছাৰ এই প্ৰতিবাদত সোমবাৰে কঁপি উঠিল দুলীয়াজান ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতিবাদস্থলীত মোতেয়েন কৰা হয় বিশাল আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱান ৷ 

উল্লেখ্য যে, 2022 বৰ্ষত শিলচৰৰ ডলু বাগিচাত গ্ৰীণ ফিল্ড বিমান বন্দৰ স্থাপনৰ নামত উচ্ছেদ কৰা হৈছিল শ শ বিঘা চাহগছ (Doloo tea garden eviction) ৷ যাৰ বিৰুদ্ধে ৰাজ্যজুৰি সাব্যস্ত কৰা হৈছিল বিশাল প্ৰতিবাদ ৷ পুনৰ অইল ইণ্ডিয়া লিমিটে চলোৱা উচ্ছেদক ধিক্কাৰ জনাইছে অসম চাহ জনজাতি ছাত্ৰ-সন্থাই ৷ 

লগতে পঢ়ক: Journalist Prakash Dubey: সত্য থকালৈকে সাংবাদিকতাৰ মান কেতিয়াও তললৈ যাব নোৱাৰে: প্ৰকাশ ডুবে

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.