ETV Bharat / state

Journalist Prakash Dubey: সত্য থকালৈকে সাংবাদিকতাৰ মান কেতিয়াও তললৈ যাব নোৱাৰে: প্ৰকাশ ডুবে

author img

By

Published : Feb 11, 2023, 3:48 PM IST

সত্য থকালৈকে সাংবাদিকতাৰ মান কেতিয়াও তললৈ যাব নোৱাৰে ৷ দেশৰ প্ৰসিদ্ধ সাংবাদিক, প্ৰেছ কাউঞ্চিল অব্ ইণ্ডিয়াৰ সদস্য প্ৰকাশ ডুবেই (Journalist Prakash Dubey) এইদৰে মন্তব্য কৰে ডিব্ৰুগড়ত ৷ ডিব্ৰুগড় জিলা সাংবাদিক সন্থা আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ উদ্যোগত অনুষ্ঠিত এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰখ্যাত সাংবাদিকগৰাকীয়ে ৷

Journalist Prakash Dubey
ডিব্ৰুগড়ত সাংবাদিক প্ৰকাশ ডুবে

ডিব্ৰুগড়ত সাংবাদিক প্ৰকাশ ডুবে

ডিব্ৰুগড়, 11 ফেব্ৰুৱাৰী : ‘‘সত্য থকালৈকে সাংবাদিকতাৰ মান কেতিয়াও তললৈ যাব নোৱাৰে ৷ সত্যই হৈছে সাংবাদিকতাৰ মূল ধৰ্ম ৷’’ এইদৰে কয় প্ৰসিদ্ধ সাংবাদিক, দেশৰ আগশাৰী সংবাদপত্ৰ দৈনিক ভাস্কৰৰ সম্পাদক তথা প্ৰেছ কাউন্সিল অব্ ইণ্ডয়াৰ (Press Council of India) সদস্য প্ৰকাশ ডুবেই (Journalist Prakash Dubey)৷

ডিব্ৰুগড় জিলা সাংবাদিক সন্থা আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ (Dibrugarh Press Club) উদ্যোগত কানৈ মহাবিদ্যালয়ৰ আই চি জি চিৰ সহযোগত আয়োজিত মত-বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰি সংবাদ পত্ৰ আৰু বৈদ্যুতিন মাধ্যমৰ বহু গুৰুত্বপূৰ্ণ দিশ দাঙি ধৰি তেওঁ কয় যে দূৰদৰ্শন আৱিস্কাৰ হোৱাৰ পিছত বহুতেই শংকা প্ৰকাশ কৰিছিল । ছপা মাধ্যমলৈ বিপদ আহিব, কিন্তু ইয়াৰ পিচতো এটাৰ পাচত এটা নতুন টেলিভিচনৰ প্ৰৱেশ ঘটিল ৷ শেহতীয়াকৈ ব্যক্তিগত খণ্ডৰ টেলিভিচনৰ উত্থানৰ লগতে ছ'চিয়েল মিডিয়ায়েও ব্যাপকতা লাভ কৰিছে বুলি উল্লেখ কৰে ।

অনুষ্ঠানত বিশিষ্ট সাংবাদিক ডুবেই কানৈ মহাবিদ্যালয়ৰ (Kanoi College Dibrugarh) ছাত্ৰ- ছাত্ৰীসকলৰ সৈতে এক মনোগ্ৰাহী অন্তৰংগ আলাপতো মিলিত হয় ৷ ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক তথা বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সভাপতি মনজিৎ বৰাই আঁত ধৰা কানৈ মহাবিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত সন্থাৰ সভাপতি বিপিন শৰ্মা, উপদেষ্টাদ্বয় ৰাজীৱ বৰগোহাঁই, মনোৰঞ্জন হাজৰিকা, কানৈ কলেজৰ অধ্যক্ষ ড৹ শশীকান্ত শ‍ইকীয়া, ইণ্ডিয়ান জাৰ্নেলিষ্ট ইউনিয়নৰ সম্পাদক ৰাতুল বৰা, সাংবাদিক জিতু কলিতা, অমল নাথ, অধ্যাপক বিৰাজ দত্ত, অধ্যাপক ভাস্কৰ দাস আদি উপস্থিত থাকে ৷

বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে আদৰণি ভাষণ প্ৰদান কৰি সভাত শলাগ জ্ঞাপন কৰে ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ যুটীয়া সম্পাদক মুক্তামণি হাজৰিকাই । আনহাতে, অনুষ্ঠানৰ মাজতে কানৈ মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনী 'কানৈয়ান' উন্মোচন কৰে দেশৰ আগশাৰী সাংবাদিক প্ৰকাশ ডুবেই ।

সাংবাদিকগৰাকীয়ে উপস্থিত ছাত্ৰ-ছাত্ৰী, শিক্ষক, সাংবাদিকসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে । সাংবাদিকগৰাকীক মহাবিদ্যালয় চৌহদত গায়ন-বায়নেৰে আদৰি নিয়া লগতে দুয়োটা সাংবাদিক সংগঠন আৰু কানৈ মহাবিদ্যালয় তৰফৰ পৰা বিপুল সম্বৰ্ধনা জনোৱা হয় (Prakash Dubey in Dibrugarh)।

লগতে পঢ়ক: Srimanta Sankaradeva Sangha: দ্বিতীয় দিনাও উদুলি মুদুলি জোনাইৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.