ETV Bharat / state

Srimanta Sankaradeva Sangha: দ্বিতীয় দিনাও উদুলি মুদুলি জোনাইৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰ

author img

By

Published : Feb 11, 2023, 10:00 AM IST

92 nd Srimanta Sankardev Sangha Annual Conference
ভক্তৰে ভৰি পৰিছে জোনাইৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰ

বিৰ দি বাট নোপোৱা অৱস্থা জোনাই চেৰেণ পথাৰৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰত ৷ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ 92 সংখ্যক বাৰ্ষিক অধিৱেশনক লৈ পুৱাৰে পৰা অগণন ভক্তৰ সমাবেশ ঘটিছে পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰত (92nd Srimanta Sankaradeva Sangha Annual Conference) ৷

ভক্তৰে ভৰি পৰিছে জোনাইৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰ

জোনাই, 11 ফেব্ৰুৱাৰী : দ্বিতীয় দিনাও হৰিনামৰ ধ্বনিত উদুলি মুদুলি হৈ পৰিছে জোনাই মহকুমাৰ চিমেন চাপৰিৰ চেৰেণ আৰু হচং পথাৰৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰ ৷ 10 ফেব্ৰুৱাৰীৰ পৰা পৰমানন্দ আতা ক্ষেত্ৰত আৰম্ভ হৈছে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ 92 সংখ্যক বাৰ্ষিক অধিৱেশন (92 nd Srimanta Sankardev Sangha Annual Conference) ৷ আজি পুৱা 5 বজাত পৰিৱেশ নিকাকৰণ, প্ৰাতঃ প্ৰসঙ্গ, নাম প্ৰসঙ্গৰে আৰম্ভ হয় শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ ৷ ইয়াৰ পিচত 8 বজাত শৰণ সমিতিৰ বৈঠক অনুষ্ঠিত হয় ৷

পুৱা 9-30 বজাত জিলা শাখাৰ সভাপতি/সম্পাদকৰ সন্মিলন অনুষ্ঠিত হোৱাৰ পিচত পুৱা 10-30 বজাত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ সাহিত্য শাখা সমিতিৰ সভাপতি মৃণাল কুমাৰ বৰুৱাৰ সভাপতিত্বত সাহিত্য শাখা সমিতিৰ অধিৱেশন অনুষ্ঠিত হ’ব । অনুষ্ঠানৰ উদ্ধোধন কৰিব শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ সাহিত্য শাখা সমিতিৰ প্ৰাক্তন সভাপতি ড৹ জগত চন্দ্ৰ কলিতাই ।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অধ্যাপক জগদীশ মুখী (Governor Jagdish Mukhi) , বিশেষ সন্মানীয় অতিথি হিচাবে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, প্ৰেছ কাউঞ্চিল অৱ ইণ্ডিয়াৰ বিশিষ্ট সাংবাদিক প্ৰকাশ ডুবে, বিশিষ্ট গান্ধীবাদী নেতা হেম ভাই, বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড৹ জ্ঞানেন্দ্ৰ নাৰায়ণ ৰায়, তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড৹ অনু শব্দ, এন কে টি ভিৰ মুখ্য সম্পাদক মনোজ গোস্বামী, বীৰাংগনা সতী সাধনী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ জ্যোতিপ্ৰসাদ শইকীয়া, মহাৰাষ্ট্ৰৰ মৈত্ৰী আলোচনীৰ সম্পাদক কাঞ্চন বহন, দিল্লী বিশ্ববিদ্যালয়ৰ সহযোগী প্ৰাধ্যাপক ড৹ ৰত্নোত্তমা দাস বিক্ৰম উপস্থিত থাকিব বুলি আয়োজকসকলে জানিবলৈ দিয়ে । অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ বিনোদ চন্দ্ৰ বড়াই অংশগ্ৰহণ কৰিব ।

দিনৰ 2 বজাত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ সংস্কৃতি শাখা সমিতিৰ সভাপতি ড৹ সুৰেশ চন্দ্ৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া সংস্কৃতি শাখা সমিতিৰ অধিৱেশনখন উদ্ধোধন কৰিব জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰে । অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰা (Minister Bimal Bora), সন্মানীয় অতিথি হিচাপে বিধায়ক নৱকুমাৰ দলে, অসম সাহিত্য সভাৰ সভাপতি ড৹ সূৰ্য হাজৰিকা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ জিতেন হাজৰিকা, বিশিষ্ট অতিথি হিচাপে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকিব আৰু নিৰ্দিষ্ট বক্তা হিচাপে শংকৰী সংস্কৃতিৰ বিশিষ্ট সাধক অজিত বৰাই অংশগ্ৰহণ কৰিব ।

সন্ধিয়া ৫ বজাত সমূহীয়া প্ৰাৰ্থনা, নাম প্ৰসঙ্গৰ পিছতে মুকলি কৰা হ’ব সাংস্কৃতিক সমাৰোহৰ ৷ আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন কন্ঠশিল্পী তৰালি শৰ্মা (Singer Tarali sarma) এই সাংস্কৃতিক সমাৰোহত উপস্থিত থাকি সন্ধিয়া 6 বজাত সমাৰোহখন উদ্ধোধন কৰিব ৷ এই অনুষ্ঠানত সন্মানিত অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট অভিনেতা যতীন বৰা (Jatin Bora) । সন্ধিয়া 6:30 বজাত অঙ্কীয়া নাট পাৰিজাত হৰণ, ৰাম-বিজয় প্ৰদৰ্শন কৰা হ'ব । সন্ধিয়া অনুষ্ঠিত হ’বলগীয়া প্ৰতিনিধি সভাত আদৰণি ভাষণ আগবঢ়াব বিধায়ক তথা অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ভূবন পেগুয়ে (92nd Sankardev Sangha Conference started in Jonai)।

লগতে পঢ়ক : Naxalites shot BJP leader : ঘৰৰ ভিতৰত প্ৰৱেশ কৰি মাওবাদীয়ে গুলীয়ালে বিজেপি নেতাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.