ETV Bharat / bharat

Naxalites shot BJP leader : ঘৰৰ ভিতৰত প্ৰৱেশ কৰি মাওবাদীয়ে গুলীয়ালে বিজেপি নেতাক

author img

By

Published : Feb 11, 2023, 8:52 AM IST

Updated : Feb 11, 2023, 9:17 AM IST

ঝাৰখণ্ডত যেন বিজেপি নেতাক লক্ষ্য কৰি লৈছে মাওবাদীয়ে ৷ মাত্ৰ তিনিদিনৰ ব্যৱধানত ৰাজ্যখনত দুজনকৈ বিজেপি শীৰ্ষ নেতাক ঘৰৰ ভিতৰত প্ৰৱেশ কৰি হত্যা কৰিছে মাওবাদীয়ে ৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ ছত্তীশগড় ভ্ৰমণক লৈ ৰাজ্যখনত কটকটীয়া নিৰাপত্তা গঢ়ি তোলাৰ সময়তে সংঘটিত হৈছে এই ঘটনা (Naxalites shot BJP leader in Chhattisgarh) ৷

Naxalites shot BJP leader in Chhattisgarh
মাওবাদীৰ গুলীত প্ৰাণ হেৰুৱালে বিজেপিৰ জিলা সভাপতিয়ে

নেশ্যনেল ডেস্ক, 11 ফেব্ৰুৱাৰী : পুনৰ ছত্তিশগড়ত মাওবাদীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে আন এগৰাকী বিজেপি নেতাই ৷ ঝাৰখণ্ডৰ বিজাপুৰ জিলাৰ উছুৰ মণ্ডলৰ সভাপতি নীলকণ্ঠ কক্কেমৰ পাছত এইবাৰ ৰাজ্যখনত মাওবাদীৰ আক্ৰমণত মৃত্যু হ’ল আন এজন বিজেপি নেতাৰ ৷ শুকুৰবাৰে সন্ধিয়া 8 বজাত দুটা মাওবাদীয়ে ছত্তিশগড়ৰ নাৰায়ণপুৰ জিলাৰ এগৰাকী বিজেপি নেতাৰ ঘৰলৈ গৈ দুটাকৈ গুলীৰে ধৰাশায়ী কৰে বুলি স্থানীয় আৰক্ষী সূত্ৰত প্ৰকাশ(Naxalites shot BJP leader in Chhattisgarh)৷

বিজেপি নেতাগৰাকী ছত্তিশগড়ৰ নাৰায়ণপুৰ জিলাৰ উপ-সভাপতি সাগৰ চাহু বুলি জানিবলৈ পৰা গৈছে(naxalites shot bjp district vice president ) ৷ মাওবাদীৰ গুলীত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বিজেপিৰ নেতাগৰাকীক ততাতৈয়াকৈ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয় (Naxalite attack in Narayanpur) ৷

স্থানীয় আৰক্ষীয়ে ঘটনাটো সন্দৰ্ভত ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া ৷ তদন্তকাৰী বিষয়াসকলে জনোৱা মতে, সন্ধিয়া 8 বজাত দুজন নক্সালবাদীয়ে বিজেপি নেতাগৰাকীৰ ঘৰত প্ৰৱেশ কৰি ইটোৰ পিছত সিটোকৈ মুঠ দুজাঁই গুলীৰে গুলীয়াই বিজেপি নেতাগৰাকীক আক্ৰমণ কৰে । নেতাগৰাকীক আক্ৰমণৰ লগে লগে অপৰাধস্থলীৰ পৰা পলায়ন কৰে মাওবাদীৰ দলটোৱে ৷ মাওবাদীৰ দলটোক বৰ্তমানেও কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী(Naxalite Murder bjp leader sagar sahu)।

25 বছৰ ধৰি বিজেপি দলৰ সৈতে সাগৰ চাহু জড়িত হৈ আছিল বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে (Murder bjp leader sagar sahu In Narayanpur) ৷ তদুপৰি বিজেপিৰ জিলা উপ-সভাপতিগৰাকী অঞ্চলটোত আছিল এগৰাকী জনপ্ৰিয় নেতা ৷ স্থানীয় থানাখনৰ পৰা চাহুৰ ঘৰৰ দূৰত্ব আছিল প্ৰায় 50/100 মিটাৰ, তাৰ পিছতো বিজেপি নেতাগৰাকীৰ ঘৰত সোমায় বিদ্ৰোহী সংগঠনৰ নেতৃত্বই গুলীওৱা বিষয়টো সহজভাৱে ল’ব পৰা নাই ৰাইজে ৷ দোষীক শীঘ্ৰে কৰায়ত্ত কৰা হ’ব বুলি আৰক্ষীয়ে আশ্বাস প্ৰদান কৰিছে ৰাইজক (Maoists kill BJP leader in Chhattisgarh) ৷

উল্লেখ্য যে, চলিত মাহৰ তথা 7 ফেব্ৰুৱাৰীৰ দিনা ঝাৰখণ্ডৰ বিজাপুৰ জিলাত সংঘটিত হৈছিল অনুৰূপ ঘটনা ৷ বিজেপিৰ উছুৰ মণ্ডলৰ সভাপতি নীলকণ্ঠ কক্কেমক চোকা অস্ত্ৰৰে মাওবাদীয়ে হত্যা কৰিছিল পৰিয়ালৰ সমুখতে । প্ৰয়াত বিজেপি নেতা সাগৰ চাহুৱে পত্নী ললিতা আৰু চাৰিটাকৈ সন্তানক ইহ সংসাৰত এৰি থৈ যায় । তেওঁৰ গৃহ গাঁও পাকাৰামত অনুষ্ঠিত হোৱা শেষকৃত্য অনুষ্ঠানত চাহুৰ পৰিয়ালৰ লগতে বহু সংখ্যক সমৰ্থকে অংশগ্ৰহণ কৰে (BJP district vice president sagar sahu)।

বিদ্ৰোহী সংগঠনটোৰ শেহতীয়া কৰ্ম-কাণ্ডই ৰাজ্যকেইখনত আতংকৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে । চৰকাৰ তথা প্ৰশাসনে মাওবাদীৰ কাৰ্যকলাপ ৰোধ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও আশানুৰূপ ফলাফল লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

স্মৰ্তব্য যে, আজি অৰ্থাৎ 11 ফেব্ৰুৱাৰীৰ দিনা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ছত্তীশগড় ভ্ৰমণৰ কথা ৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ ভ্ৰমণক লৈ অঞ্চলটোত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা । ৰাজ্যখনৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জগদলপুৰত অনুষ্ঠিত হ’বলগীয়া এক বিশাল জনসভাত নাড্ডাই জনতাক উদ্দেশি ভাষণ প্ৰদান কৰিব (BJP national president JP Nadda)।

লগতে পঢ়ক : Naxalites kill BJP leader in Jharkhand: পৰিয়ালৰ সন্মুখতে মাওবাদীয়ে হত্যা কৰিলে বিজেপি নেতাক

Last Updated :Feb 11, 2023, 9:17 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.