Rangali Bihu 2023: মাজুলীৰ বনগাঁৱত আছুৰ ব’হাগী আদৰণি অনুষ্ঠান

By

Published : Apr 16, 2023, 11:58 AM IST

thumbnail

মাজুলী, 16 এপ্ৰিল: অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুক লৈ উখল মাখল পৰিবেশে বিৰাজ কৰিছে সমগ্ৰ ৰাজ্যত । ব্যতিক্ৰম নহয় সত্ৰ নগৰী মাজুলীও | মাজুলীতো উলহ-মালহেৰে উদযাপন কৰা হৈছে ৰঙালী বিহু (Rangali Bihu Celebration at Bongaon in Majuli) ৷  

বনগাঁও উচ্চ বুনিয়াদী বিদ্যালয়ৰ খেলপথাৰত বিগত বৰ্ষৰ দৰে এইবাৰো ব'হাগী আদৰণি অনুষ্ঠানৰ আয়োজন কৰিলে পূৱ মাজুলী আঞ্চলিক ছাত্ৰ সন্থাই । পূব মাজুলী অঞ্চলৰ দুই শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে এই মুকলি বিহুত ৷ এই ব'হাগী আদৰণি অনুস্থান অয়োজন কৰাৰ পূৰ্বে পূৱ মাজুলী আঞ্চলিক ছাত্ৰ সন্থাই এক বিহু কৰ্মশালাৰ আয়োজন কৰিছিল ৷ এই বিহু কৰ্মশালাত পূৱ মাজুলী অঞ্চলৰ দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ কৰ্মশালাত অংশগ্ৰহণ কৰা সকলো ছাত্ৰ-ছাত্ৰীয়ে ব'হাগী আদৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে (AASU Celebrates Rangali Bihu at Bongaon in Majuli) ৷

ব'হাগী আদৰণি অনুষ্ঠানত পূব মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলৰ অভিভাৱক সকলক সমূহীয়া সম্ভৰ্ধনা জনোৱাৰ লগতে আশীষ লয় ছাত্ৰ সন্থাৰ কৰ্মী সকলে ৷ ইয়াৰ উপৰিও অঞ্চলৰ গণ্য-মান্য ব্যক্তি সকলক সম্বৰ্ধনা জনাই পূব মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মী সকলে ৷ পূব মাজুলীৰ বিভিন্ন প্ৰান্তৰ লোকে অংশগ্ৰহণ কৰে এই অনুষ্ঠানত (Rangali Bihu Celebration in Majuli) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.