Protest at Kharupetia : অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে খাৰুপেটীয়াত আমছুৰ উত্তাল প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 6:52 PM IST

thumbnail

দলগাঁও, 4 ছেপ্টেম্বৰ : 24 ঘন্টাই বিদ্যুৎ যোগান ধৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা বিজেপি চৰকাৰৰ দিনত বিদ্যুতৰ বাবে জনতাৰ হাহাকাৰ ৷ বিদ্যুতৰ লুকাভাকুৱে বাৰুকৈয়ে অতিষ্ঠ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দলগাঁও খাৰুপেটীয়াৰ ৰাইজক ৷  

24 ঘন্টাই বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনে যোগান ধৰিব পৰা নাই ‌নিয়মীয়া বিদ্যুৎ ৷ এনে‌ অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে খাৰুপেটীয়াৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ‌তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ প্ৰতিকৃতি দাহ কৰে আমছুৱে ৷ আমছুৰ প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে-কাৰ্ডলৈ শক্তি বিভাগৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি অচিৰেই বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ দাবী উত্থাপন কৰে ৷ অন্যথা তীব্ৰ গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দি খাৰুপেটীয়াৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ উত্তাল কৰি তোলে ৷

লগতে পঢ়ক : Protest demanding regular power supply:বিদ্যুৎ যোগানৰ নিয়মীয়া দাবীত শক্তিমন্ত্ৰীৰ প্ৰতিকৃতি দাহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.