Flood and erosion:ডিব্ৰুগড়ৰ চহৰীকটা কৈৱৰ্ত্ত গাঁৱত বান-খহনীয়াত বিপৰ্য্যস্ত জনজীৱন

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 3:48 PM IST

thumbnail

ডিব্ৰুগড়, 1 ছেপ্টেম্বৰ : বান আৰু খহনীয়াৰ মাজেৰে দিন পাৰ কৰিব লগা হৈছে ডিব্ৰুগড় জিলাৰ এটা প্ৰান্তৰৰ ৰাইজে । ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত চহৰীকটা কৈৱৰ্ত্ত গাঁৱত বান আৰু খহনীয়াই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে সৰ্বসাধাৰণ ৰাইজৰ মাজত ৷ বছৰি ৩/৪ টাকৈ বানে জুৰুলা কৰিছে গাঁৱৰ ৭২ টা পৰিয়ালক । তদুপৰি গাঁৱৰ যোগাযোগৰ একমাত্ৰ দলংখন বানে উটুৱাই নিয়াত যাতায়তৰ ক্ষেত্ৰতো চৰম দুৰ্যোগৰ সন্মুখীন হৈছে গঁঞা ৰাইজ  ৷

এশ শতাংশ কৃষিজীৱী লোকে বসবাস কৰা গাঁওখনৰ কৃষকসকলে বেহা-বেপাৰ, শিক্ষা-স্বাস্থ্যৰ ক্ষেত্ৰতো চৰম সমস্যাৰ সন্মুখীন হৈছে ৷ ইফালে আহাৰ মাহৰ পৰাই ক্ৰমাগতভাৱে অহা ৩/৪ টা বানে কৃষিভূমি প্লাৱিত কৰি পেলোৱাত খাদ্য সংকটতো ভুগিছে গাওঁবাসী ৷ সমান্তৰালকৈ বুঢ়ীদিহিঙৰ গৰাখহনীয়াই প্ৰতিবছৰে সংকুচিত কৰি আনিছে গাঁওখন ৷ টিংখাং বিধানসভা সমষ্টিৰ এই গাঁওখনত বান আৰু খহনীয়া প্ৰতিৰোধৰ বাবে স্থানীয় ৰাইজে সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰাক বাৰম্বাৰ আবেদন-নিবেদন জনাই আহিছে যদিও বৰ্তমানলৈকে সু-ব্যৱস্থা গ্ৰহণ নকৰাত উপায়হীন হৈ পৰিছে ৰাইজ ।

লগতে পঢ়ক : Erosion by Debing river:দেবিং নদীৰ ভয়ংকৰ খহনীয়াই নিদ্ৰা হৰণ কৰিছে বালিজানবাসী ৰাইজৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.