বন্যহস্তীৰ জলকেলিয়ে মুহিছে মাজুলীবাসীক - Wild elephant menace

By ETV Bharat Assamese Team

Published : May 24, 2024, 8:21 PM IST

thumbnail
মাজুলীত এজাক বনৰীয়া হাতীৰ জলকেলি (ETV Bharat Assam)

মাজুলী,২৪ মে': বন্যপ্ৰাণীৰ বিচৰণস্থলীলৈ পৰিণত হৈছে মাজুলী । কেতিয়াবা যদি বনৰীয়া ম'হৰ ত্ৰাস, আন কেতিয়াবা আকৌ গঁড়ৰ আতংক । ইফালে বন্যহস্তীৰ উপদ্ৰৱ নিত্য-নৈমিত্যিক ঘটনাৰ দৰে । বিগত কিছুদিন ধৰি পুনৰ বন্যহস্তীয়ে নিদ্ৰা হৰিছে মাজুলীবাসীৰ । বিগত চাৰি দিন ধৰি পূব মাজুলীৰ গেজিং, শালামৰা, যোগী গাঁও, মেৰাগড়,কলনীবাৰী চিনাতালী আদি অঞ্চলত বনৰীয়া হাতীৰ জাকে নিশাৰ ভাগত সৃষ্টি কৰি আহিছে আতংকময় পৰিৱেশৰ ।  

দিনৰ ভাগত এই হাতীৰ জাকটো জংঘলত সোমাই থাকে আৰু নিশা হ'লেই জংঘলৰ পৰা ওলাই আহি ওচৰৰ গাঁওসমূহত সোমাই চলাই উপদ্ৰৱ । হাতীৰ জাকটোত আছে কেইবাটাও পোৱালি হাতীও । নিশা বন বিভাগে জনাঞ্চলত প্ৰৱেশ কৰিব নোৱৰাকৈ পহৰাৰ ব্যৱস্থা কৰিছে যদিও সফল হোৱা নাই বুলি জানিব পৰা গৈছে । ইফালে উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ ব্ৰহ্মপুত্ৰত জলকেলি কৰাও দেখা যায় হাতীৰ জাকটোক ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.