প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ, স্বস্তিৰ নিশ্বাস ৰাইজৰ - Leopard Scares

By ETV Bharat Assamese Team

Published : May 24, 2024, 7:37 PM IST

thumbnail
টিমনাত শুকুৰবাৰে পুৱাই পিঞ্জৰাবদ্ধ হ'ল নাহৰফুটুকী (ETV BHARAT ASSAM)

মৰাণ, 24 মে’ : ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে নাহৰফুটুকীৰ সন্ত্ৰাস ৷ খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা নাহৰফুটুকীৰ বাবে বছৰৰ পাছত বছৰ সমস্যাত পৰিব লগা হৈছে ৰাইজ ৷ বন বিভাগে জিলাখনৰ বিভিন্ন প্ৰান্তত নাহৰফুটুকী পিঞ্জৰাবদ্ধ কৰিছে যদিও এতিয়াও উপদ্ৰৱ কমা নাই ৷

ইয়াৰ মাজতে ডিব্ৰুগড়ৰ টিমনাত শুকুৰবাৰে পুৱাই পিঞ্জৰাবদ্ধ হ'ল এটা নাহৰফুটুকী ৷ বন বিভাগৰ লগতে অঞ্চলটোৰ ৰাইজৰ সহযোগত পিঞ্জৰাবদ্ধ কৰা হয় নাহৰফুটুকীটো ৷ দীৰ্ঘদিন ধৰি বৃহত্তৰ অঞ্চলত এই বাঘটোৱে এক‌ আতংকময় পৰিৱেশ সৃষ্টি কৰিছিল ৷ অঞ্চলটোৰ ৰাইজৰ বহু পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰা লগতে অনিষ্টসাধন কৰি আহিছিল ৷

অৱশেষত বন বিভাগে অঞ্চলটোৰ ৰাইজৰ সহযোগত নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ কৰে ৷ নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হোৱাৰ খবৰ বিয়পি পৰা পাছতেই নাহৰফুটুকীটো চাবলৈ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয় ৷ ইতিমধ্যে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পিঞ্জৰাবদ্ধ নাহৰফুটুকীটোক উদ্ধাৰৰ বাবে চেষ্টা চলাইছে ৷ 

লগতে পঢ়ক : দুষ্প্ৰাপ্য উদ মেকুৰীৰ ছাল উদ্ধাৰ: এজনক আটক - Beavers SKIN RECOVERED

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.