জুবিন গাৰ্গৰ সাংস্কৃতিক অনুষ্ঠানত নিৰাপত্তা প্ৰদানৰ নিৰ্দেশ ন্যায়ালয়ৰ - Zubeen Garg programme in Dharapur
Court orders over Zubeen Garg programme : ধাৰাপুৰত জুবিন গাৰ্গৰ অনুষ্ঠানৰ অনুমতি প্ৰদানৰ লগতে নিৰাপত্তা ব্যৱস্থা কৰাৰ ক্ষেত্ৰত ন্যায়ালয়ে প্ৰদান কৰিছে নিৰ্দেশনা ৷

Published : May 24, 2024 at 8:39 PM IST
গুৱাহাটী, ২৪ মে’ : ধাৰাপুৰত শিল্পী জুবিন গাৰ্গৰ সংগীতানুষ্ঠান আয়োজন কৰাৰ অনুমতি সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে শুকুৰবাৰে মহানগৰ আৰক্ষীক ককৰ্থনা কৰে ৷ উল্লেখ্য যে ধাৰাপুৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে যোৱা ২৭ এপ্ৰিলত ধাৰাপুৰ স্কুল খেলপথাৰত আয়োজন কৰা বিহুৰ সাংস্কৃতিক অনুষ্ঠানত সংগীত পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ জনাইছিল শিল্পী জুবিন গাৰ্গক ৷
কিন্তু ২৭ এপ্ৰিলৰ নিশা জুবিন গাৰ্গে সংগীত পৰিৱেশন কৰাৰ আগমুহূৰ্তত হঠাতে অহা এজাক প্ৰচণ্ড ধুমুহাই বিহু সন্মিলনীৰ মঞ্চ আৰু ৰভা নিমিষতে ভাঙি চুৰমাৰ কৰি পেলায় ৷ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ অহা হাজাৰ-হাজাৰ দৰ্শক-শ্ৰোতা ধুমুহাই তচনচ কৰি পেলোৱা ৰভাৰ তলত আৱদ্ধ হৈ পৰে ৷ ইয়াৰে কিছুসংখ্যক লোক সামান্য পৰিমানে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে কিছুসংখ্যক চকী-লাইট ভাঙি-চিগি যোৱাত বিহু সন্মিলনীৰ যথেষ্ট পৰিমাণে ক্ষতিসাধন হয় । লগে-লগে উক্ত নিশাৰ সাংস্কৃতিক অনুষ্ঠান বাতিল কৰিবলৈ বাধ্য হয় বিহু সন্মিলনীয়ে ।
কিন্তু আশ্চৰ্যজনক কথা এই যে ধুমুহাই মূলমঞ্চ আৰু ৰভা ভাঙি পেলোৱাৰ পিছত একাংশ দুস্কৃতিকাৰীয়ে জুবিন গাৰ্গৰ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবলৈ অহা ৰাইজক নিজ গৃহলৈ উভতি যোৱাৰ ক্ষেত্ৰত বাট-পথ আগচি ধৰি বাধা প্ৰদান কৰাৰ লগতে একাংশ দুস্কৃতিকাৰীয়ে সাংস্কৃতিক অনুষ্ঠানটোৰ কৰ্তব্যত নিয়োজিত হৈ থকা আৰক্ষীৰ লোকলৈ বুলি শিলগুটি নিক্ষেপ কৰে ৷ লগে-লগে পৰিস্থিতি যথেষ্ট উত্তপ্ত হৈ পৰে ৷
শিলগুটি নিক্ষেপ কৰাৰ ফলত আৰক্ষীৰ কেবাজনো লোক আঘাতপ্ৰাপ্ত হয় । তেনেস্থলত কৰ্তব্যৰত আজাৰা আৰক্ষীয়ে ঘটনাটো সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ১২০ বি ৩৫৩/৩২৫/২৯৪/৪২৭/২৯০/৩৩৬ ধাৰাৰ অধীনত ৯৫/২৪ নম্বৰত এটা গোচৰ ৰুজু কৰি আঠজন দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰাৰ লগতে আন ১৩ জন লোকক আটক কৰি পিছত মুকলি কৰি দিয়ে ।
ইপিনে প্ৰাকৃতিক দুৰ্যোগৰ বাবে ২৭ এপ্ৰিলত বাতিল হোৱা জুবিন গাৰ্গৰ সংগীতানুষ্ঠান পুনৰ ২৫ মে' আয়োজন কৰাৰ বাবে প্ৰস্তুতি চলাই সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে অনুমতি বিচাৰি ধাৰাপুৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে গুৱাহাটী পশ্চিম আৰক্ষী জিলাৰ উপ-আৰক্ষী আয়ুক্তলৈ আবেদন কৰে । বৃহস্পতিবাৰে ধাৰাপুৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে দিনৰ প্ৰায় ১০ বজাত গুৱাহাটী পশ্চিম আৰক্ষী জিলাৰ উপ-আৰক্ষী আয়ুক্তৰ পৰা এখন নিৰ্দেশনা লাভ কৰে । য'ত স্পষ্টকৈ লিখা আছিল যে বিগত ২৭ এপ্ৰিলত সংঘটিত হোৱা অপ্ৰীতিকৰ ঘটনাক কেন্দ্ৰ কৰি ধাৰাপুৰ আঞ্চলিক ৰঙালী বিহু সন্মিলিনীয়ে ২৫ মে'ত ধাৰাপুৰ স্কুল খেলপথাৰত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অনুমতি অস্বীকাৰ কৰা হৈছে ।
গুৱাহাটী পশ্চিম আৰক্ষী জিলাৰ উপ-আৰক্ষী আয়ুক্তগৰাকীৰ নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই আজি ধাৰাপুৰ আঞ্চলিক ৰঙালী বিহু সন্মিলিনীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত ডব্লিউ পি(চি)২৭৪০/২০২৪ নম্বৰযোগে এক লেখ আবেদন জনায় । ধাৰাপুৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ লেখ আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ত দিয়া শুনানী অনুসৰি কাইলৈ ধাৰাপুৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনীক ধাৰাপুৰ স্কুল খেলপথাৰত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰাৰ লগতে জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত আৰক্ষীয়ে সুৰক্ষা প্ৰদান কৰিবলৈ তৎকালীনভাবে নিৰ্দেশ প্ৰদান কৰে । ধাৰাপুৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ হৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰী, অধিবক্তা ৰাজীৱ কলিতা আৰু অধিবক্তা অৰুনাংশু ধৰে যুক্তি প্ৰদৰ্শন কৰে ।
লগতে পঢ়ক: ওপৰৰজনক পাৰি কিন্তু সন্মুখৰজনক কোনোপধ্যে নোৱাৰি: প্ৰসংগ ‘উপেক্ষা’

