ETV Bharat / state

এখন হাত নাই, এৰিলে পিতৃ-মাতৃয়েও : দীঘলী পুখুৰীৰ পাৰত ৰীতুক লগ পাইছেনে ? - Life Struggle in Guwahati

author img

By ETV Bharat Assamese Team

Published : May 24, 2024, 9:11 PM IST

Updated : May 24, 2024, 10:28 PM IST

Juice seller with one hand in Guwahati: নিজৰ বুলিবলৈ কোনো নাই তেওঁৰ ৷ আছে কেৱল এখন হাত, কেৱল এখন ৷ দুভৰিৰ যাদু দেখুৱায়ো বিফল হৈছিল তেওঁ ৷ আজি ক’ম ৰীতুৰ কাহিনী...

LIFE STRUGGLE IN GUWAHATI
ৰীতুমণি বৈশ্যৰ প্ৰেৰণাদায়ক জীয়া কাহিনী (ETV Bharat Assam)

গুৱাহাটী, ২৪ মে’ : শাৰীৰিক-মানসিক বহু প্ৰত্যাহ্বান নেওচি সীমিত অৰ্থৰে গুৱাহাটীত জীৱিকা আৰু আত্মপ্ৰতিষ্ঠাৰ যুঁজত নামিছে বিশেষভাৱে সক্ষম এজন যুৱক । তেওঁৰ নাম ৰীতুমণি বৈশ্য । ঘৰ জালুকবাৰীত ।

ৰীতুমণি বৈশ্যৰ প্ৰেৰণাদায়ক জীয়া কাহিনী (ETV Bharat Assam)

ৰীতুমণিৰ জন্মগতভাবে হাত এখন নাই । সৰুতেই তেওঁক মাক-দেউতাকে অকলশৰীয়া কৰি এৰি গৈছিল । অভিভাৱকৰ মৰমৰ পৰা বঞ্চিত ৰীতুমণিক আইতাকে আনৰ ঘৰত কাম কৰি ডাঙৰ-দীঘল কৰিছিল । শৈশৱৰ পৰাই ৰীতুমণিৰ জীৱন সংগ্ৰাম আৰম্ভ হৈছিল । আইতাকৰ ছত্ৰছায়াতে তেওঁ স্কুলীয়া শিক্ষা লাভ কৰিছিল ।

কিন্তু নিয়তিৰ পৰিহাস ! ৰীতুমণি নৱম শ্ৰেণী পাওতেই আইতাক ঢুকাল । তেতিয়া তেওঁ শেষ আশ্ৰয়কণো হেৰুৱালে । এসাঁজ ভাতৰ কাৰণেও চিন্তা কৰিবলগীয়া হ’ল ৷ তেতিয়াৰ পৰাই আৰম্ভ হ’ল তেওঁৰ জীৱনৰ প্ৰকৃত সংগ্ৰামখন ।

পেটৰ ভাতমুঠি যোগাৰৰ বাবে কাম বিচাৰিছিল ৷ কিন্তু এখন হাত নথকাৰ বাবেই বহু লোকে তেওঁক কাম দিব বিচৰা নাছিল ৷ বহুতৰ মিছা প্ৰতিশ্ৰুতিত হতাশ হৈছিল ৰীতু ৷ জীৱিকাৰ তাড়ণাত তেওঁ বাটে-ঘাটে পাণ, তামোল, চিগাৰেতো বিক্ৰী কৰিবলৈ বাধ্য হৈছিল ৷ বিভিন্নজনৰ সহায়-সহযোগিতাত কষ্টৰে পঢ়াশুনা কৰি তেওঁ পলিটেকনিকৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিবলৈ সক্ষম হৈছিল ৷ তেনেকৈয়ে কোনোমতে তেওঁ পলিটেকনিকৰ শিক্ষা সাং কৰিলে ৷ সৰুৰে পৰাই নানা ঘাত-প্ৰতিঘাতৰ মাজেৰে জীৱন অতিবাহিত কৰা ৰীতুৰ চাকৰিৰ লালসা নাছিল ৷ চাকৰিৰ নামত এগাল ধন দিয়াৰ সামৰ্থও নাছিল তেওঁৰ ৷ সেয়ে ৰীতুৱে গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰত সৰুকৈ চাহৰ দোকান এখন খুলিলে ।

আজিৰ পৰা ডেৰ বছৰমান আগতে আৰম্ভ কৰা চাহৰ দোকানখন ভালেই চলিছিল । চাহৰ দোকানখনৰে দুবেলাৰ দুসাঁজ আৰু পিন্ধা-উৰাখিনি যোগাৰ হোৱাৰ লগতে দুপইচা লাভৰ মুখ দেখা ৰীতুৱে জু-ৰোডত এটা ভাড়াঘৰ লৈছে ।

গুৱাহাটীত এতিয়া গৰম পৰিছে । গৰমৰ বাবে চাহৰ বিক্ৰী কমিছে । এই কথা বুজিয়েই ৰীতুৱে চৰবত বিক্ৰী কৰাৰ মন মেলিলে । তেওঁ বৰ্তমান দীঘলী পুখুৰীৰ পাৰত নেমু আৰু মৌচুম্বীৰ চৰবত বিক্ৰী কৰে । গৰমত আতুৰ হোৱা পথিকৰ তৃষ্ণা দূৰ কৰে । তেওঁলোকক অলপ সকাহ দিয়ে । ৰীতুৰ এখন হাতৰ চৰবতৰ সোৱাদেই বেলেগ ! সেয়ে কিজানি চৰবত বিচাৰি বহুতেই ভিৰ কৰে ৰীতুৰ কাষত ।

জনপ্ৰিয়তা, চাহিদা অথবা অনুকম্পা যিয়েই নহওক কিয়, এনেকৈয়ে ৰীতুৰ জীৱন সংগ্ৰাম অব্যাহত আছে । নিজৰ লগতে তেওঁৰ দৰে অন্য দহজনকো যুঁজাৰ সাহস দেখুৱাইছে । বিশেষভাৱে সক্ষম হৈও নিজৰ অক্ষমতাক আশীৰ্বাদ হিচাপে লৈ জীৱন যুঁজ দি আছে ৰীতুৱে ।

লগতে পঢ়ক: এয়াই প্ৰকৃত অসমীয়াগিৰি: মাত্ৰ ২০০০ টকাৰে ব্যৱসায় আৰম্ভ কৰি আজি লাখপতি প্ৰণৱ গগৈ

Last Updated : May 24, 2024, 10:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.