Ganja seized in Chaparmukh: চাপৰমুখ জংচনত বুজন পৰিমাণৰ গাঞ্জা জব্দ

By

Published : Aug 2, 2023, 1:05 PM IST

thumbnail

ৰহা,২ আগষ্ট: ৰাজ্যত বৰ্তমানেও অব্যাহত আছে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে তীব্ৰ অভিযান । ড্ৰাগছ তথা গাঞ্জা সৰবৰাহকাৰীয়ে ভিন্ন কৌশলেৰে সৰবৰাহৰ চেষ্টা অব্যাহত ৰাখিছে যদিও প্ৰায় প্ৰতিদিনেই জব্দ কৰা হৈছে বুজন পৰিমাণৰ নিচাজাতীয় দ্ৰব্য আৰ আটক হৈছে সৰবৰাহকাৰী । এইবাৰ ৰহাৰ চাপৰমুখ ৰে'ল জংচনত RPFৰ গাঞ্জা বিৰোধী অভিযান ।  

মঙলবাৰে নিশা চাপৰমুখ ৰে'ল সুৰক্ষা বাহিনীয়ে অভিযান চলাই চাপৰমুখ জংচনৰ এক নং প্লেটফৰ্মৰ পৰা ৮ কিঃ ২৩০গ্ৰাঃ গাঞ্জা জব্দ কৰাৰ লগতে এটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । ধৃত গাঞ্জা সৰবৰাহকাৰীটো লংকাৰ জীতেন্দ্ৰ চাহু বুলি জানিবপৰা গৈছে ।  

জানিবপৰা মতে ধৃত সৰবৰাহকাৰীটোৱে ডিমাপুৰৰ পৰা নামনিমুৱা কাঞ্চনজংঘা এক্সপ্ৰেছেৰে সৰবৰাহ কৰিছিল বৃহৎ পৰিমাণৰ গাঞ্জাখিনি । চাপৰমুখ ৰে'লৱে সুৰক্ষা বাহিনীয়ে নিয়মীয়া তালাচীৰ সময়তে গাঞ্জাসহ সৰবৰাহকাৰীটোক আটক কৰিবলৈ সক্ষম হয় । 

লগতে পঢ়ক: Boy goes missing: বেকী নদীত গা ধুবলৈ গৈ সন্ধান হ’ল কিশোৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.