Sloth Bear in Kaziranga: কাজিৰঙাত দুটি পোৱালিসহ এজনী মাটি ভালুকৰ বিচৰণৰ নান্দনিক দৃশ্য

By

Published : Nov 23, 2022, 9:39 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

দুটা সন্তানক লগত লৈ খাদ্যৰ সন্ধানত এজনী ভালুকৰ বিচৰণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত (sloth bear roaming with two cubs) ৷ আগে আগে মাক পাছে পাছে আগবাঢ়িছে পোৱালি দুটা ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত দেখা গ’ল এই দৃশ্য (Kaziranga national park) ৷ সাধাৰণতে নিশাৰ ভাগতহে খাদ্যৰ সন্ধানত ওলাই অহাৰ বাবে ভালুক দেখা পোৱাতো দুৰ্লভ ৷ তাৰমাজতো কেতিয়াবা দিনৰ ভাগত খাদ্য বিচাৰি ওলাই অহা ভালুক প্ৰত্যক্ষ কৰাৰ সৌভাগ্য হয় পৰ্যটকৰ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে ৰাষ্ট্ৰীয় উদ্যানখনত বিচৰণ কৰা ভালুক কেইটা মাটি ভালুক প্ৰজাতিৰ (sloth bear in Kaziranga) ৷ বৰ্তমানলৈকে ভালুকৰ আনুষ্ঠানিক গণনা হোৱা নাই যদিও বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা তথ্য অনুসৰি প্ৰায় ২৫০ টা ভালুক আছে ৰাষ্ট্ৰীয় উদ্যানখনত ৷ কহঁৰা বনাঞ্চলত ভালুকৰ বিচৰণ দেখা পোৱা যায় যদিও অগৰাতলি বনাঞ্চলত ইয়াৰ সংখ্যা অধিক ৷ আনহাতে কহঁৰা বনাঞ্চলৰ কাঠপৰা টাৱাৰত বৰষুণ বা বাঘৰ আক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ আশ্ৰয় লয় ভালুকে ৷

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.