নিউ গুৱাহাটী ৰে'লৱে ক'লনীৰ 61 সংখ্যক মাঘ বিহু উদযাপন

By ETV Bharat Assamese Team

Published : Jan 15, 2024, 1:26 PM IST

thumbnail

গুৱাহাটী, 15 জানুৱাৰী: ৰাজ্যজুৰি মাঘ বিহু উপলক্ষে উখল-মাখল পৰিৱেশ । পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয় ভোগৰ বিহু ভোগালী । মাঘ বিহুৰ আগদিনা উৰুকাৰ নিশা ভেলাঘৰত সকলোৱে একেলগে তৃপ্তিৰে এসাঁজ খাই পুৱাৰ ভাগত অপায় অমংগল দূৰ আৰু সকলোৰে মংগল কামনাৰে মেজিত অগ্নি সংযোগ কৰিলে ৰাজ্যবাসীয়ে ।  

প্ৰতিবছৰৰ দৰে এই বৰ্ষও দুদিনীয়াকৈ মাঘ বিহু উদযাপন কৰা হৈছে নিউ গুৱাহাটী বিহু ফিল্ডত । নিউ গুৱাহাটী ৰে’লৱে ক’লনীৰ 61 সংখ্যক মাঘ বিহু উদযাপন কৰা হৈছে উলহ-মালহেৰে । লগতে মাঘ বিহুৰ লগত সংগতি ৰাখি বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । মেজি জ্বলোৱাৰ পাছত জ্যেষ্ঠসকলক সন্মান জনাই আৰ্শীবাদ লয় কনিষ্ঠসকলে ।

লগতে পঢ়ক: তিনিচুকীয়াত পৰম্পৰাগতভাৱে মেজি জ্বলাই ভোগালী বিহু উদযাপন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.