4 Robbers detained: তিনিচুকীয়া আৰক্ষীৰ জালত চাৰি দুধৰ্ষ ডকাইত

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 3:40 PM IST

thumbnail

তিনিচুকীয়া, ২২ ছেপ্টেম্বৰ: তিনিচুকীয়া জিলাৰ পেঙেৰী থানাৰ অন্তৰ্গত পেঙেৰীৰ দুৱাৰমৰা বেবেজীয়া গাঁ‌ৱত ডকাইতিৰ ঘটনাৰ লগত জড়িত থকা চাৰি ডকাইতক আটক তিনিচুকীয়া আৰক্ষীৰ ৷ 

উল্লেখ্য যে বুধবাৰে নিশা বেবেজীয়া গাঁ‌ৱৰ অচিন কুমাৰ দে’ নামৰ লোকজনৰ ঘৰত মাজনিশা ছয়জনীয়া ডকাইতৰ দল এটাই প্ৰৱেশ কৰি আ-অলংকাৰ লুটাৰ লগতে পুনৰ ডকাইতি কৰিবলৈ আহিম বুলি ভাবুকি প্ৰদান কৰে ৷ লগতে লোকজনৰ পুত্ৰকো হত্যা কৰাৰ ভাবুকি দিয়ে ৷ 

পৰৱৰ্তী সময়ত অচিন কুমাৰ দে’ৰ অভিযোগৰ ভিত্তিত তিনিচুকীয়া আৰক্ষীয়ে পেঙেৰী আৰক্ষীৰ সহযোগত তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত ডকাইতি বিৰুদ্ধে অভিযান চলায় । এই অভিযান কালত আৰক্ষীয়ে চাৰি ডকাইতক বৃহস্পতিবাৰে নিশা আটক কৰিবলৈ সক্ষম হয় ৷

আটকাধীন ডকাইতকেইটা ক্ৰমে বিজুল মৰাণ, ৰত্নেশ্বৰ বৰুৱা, সন্তোষ লামা আৰু অবিনাশ ওৰাং। বৰ্তমানো পলাতক হৈ আছে দলটোৰ দুটাকৈ ডকাইত ৷ অভিযানকাৰী আৰক্ষীৰ দলটোৱে আটকাধীন চাৰি ডকাইতৰ পৰা সোণৰ আ-অলংকাৰ, দুটা হস্তনিৰ্মিত বন্দুক, এখন দা, এখন চোকা অস্ত্ৰ, নগদ 70 হাজাৰ টকাসহ ডকাইতি কামত ব্যৱহাৰ হোৱা বহু আপত্তিজনক সামগ্ৰী জব্দ কৰে ৷ 

আটকাধীন চাৰি ডকাইতৰ ভিতৰত ৰত্নেশ্বৰ বৰুৱা দুলীয়াজান অইলত হোমগাৰ্ড হিচাপে কৰ্মৰত আৰু সন্তোষ লামা প্ৰাক্তন আলফা। প্ৰাক্তন আলফা সন্তোষ লামাৰ নেতৃতত সংঘটিত হৈছিল এই ডকাইতি কাণ্ড বুলি আৰক্ষী সূত্ৰই সদৰী কৰে ।

লগতে পঢ়ক: Operation against Drugs: ডিব্ৰুগড়ত 24 ঘন্টাৰ ভিতৰত দুটা স্থানত ড্ৰাগছসহ সৰবৰাহকাৰী আটক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.