চানমাৰি আৰক্ষীৰ জালত ৩ কুখ্যাত গাড়ী চোৰ

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 8:09 PM IST

thumbnail

গুৱাহাটী, ৭ ডিচেম্বৰ : গুৱাহাটী মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে গাড়ী চুৰিৰ ঘটনা । স্মাৰ্ট আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ গুৱাহাটীৰ ভিন্ন প্ৰান্তত গাড়ী চোৰে সংঘটিত কৰিছে গাড়ী চুৰিৰ ঘটনা । এক গোপন সূত্ৰৰ পম খেদি চানমাৰি আৰক্ষীয়ে মুছলপুৰত অভিযান চলাই গ্ৰেপ্তাৰ কৰে তিনি কুখ্যাত গাড়ী চোৰক ।

আৰক্ষীৰ জালত পৰা ধৃত চোৰ তিনিটা হৈছে জয় সিং বড়ো (২৭), লাডোৰা বড়ো (২৭) আৰু নিজাম আলী । চানমাৰি আৰক্ষীয়ে বুধবাৰে নিশা বাক্সা জিলাৰ মুছলপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে ধৃত চোৰকেইটাক । উল্লেখ্য যে বুধবাৰে মহানগৰীৰ ৰাজগড় ৰোডৰ পৰা AS 21 K 4940 নম্বৰৰ এখন পালছাৰ বাইক চুৰি হৈছিল ।

ঘটনা সন্দৰ্ভত বাইকৰ গৰাকী পুলক ৰয়ে চানমাৰি আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ । এই এজাহাৰৰ ভিত্তিত চানমাৰি আৰক্ষীয়ে মুছলপুৰত অভিযান চলাই চোৰ তিনিটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক :কংগ্ৰেছ সাংসদ ধীৰাজ চাহুৰে জড়িত সুৰা কোম্পানীত আয়কৰ বিভাগৰ অভিযান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.