বালি খান্দি গাঁতৰ পানী খাই জীৱন ধাৰণ কৰিছে আমগুৰিৰ ৩০ টাকৈ পৰিয়ালে

By

Published : Feb 19, 2022, 9:36 AM IST

Updated : Feb 3, 2023, 8:17 PM IST

thumbnail

শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ(Amguri Legislative Assembly) অন্তৰ্গত আমগুৰি পৌৰসভাৰ ২ নং ৱাৰ্ডত(Municipal Elections 2021) জনস্বাস্থ্যৰ প্ৰতি হেতালি খেলিছে আমগুৰি পৌৰসভাই । সমষ্টিটোত জল জীৱন মিছন আঁচনিক ভেঙুচালি কৰাৰ অভিযোগ উত্থাপিত হৈছে । আমগুৰি নগৰৰ শান্তিবনৰ কাষত থকা প্ৰায় ৩০ টাকৈ পৰিয়ালে বিগত ২০/৩০ বছৰ ধৰি জাঁজী নদীৰ বালি খান্দি গাঁতৰ পানী খাই জীৱন ধাৰণ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে (families Digging sand and drinking pit water) । স্থানীয় মহিলাসকলে অশেষ কষ্টেৰে বাতিৰে পানী টুকি বিশুদ্ধ খোৱাপানী বিচাৰিব লগা হৈছে ৷ নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দলৰ নেতাই সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে যদিও নিৰ্বাচনত জয়ী হোৱাৰ পাছত সমস্যা প্ৰতি পিঠি দিয়াহে পৰিলক্ষিত হয় ৷ ফলত সমস্যা সমস্যা হৈয়ে ৰয় ।

Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.