Paparazzi diary: ৰেষ্টুৰেণ্টৰ বাহিৰত পাপাৰাজ্জীয়ে কেমেৰাত বন্দী কৰিলে এইসকল তাৰকাক

By

Published : Feb 8, 2023, 4:15 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

চিটাৰা ডেস্ক, 8 ফেব্ৰুৱাৰী : মঙলবাৰে নিশা মুম্বাইত দেখা গ’ল দিশা পাটানী, আৰিয়ান খান, আদিত্য ৰায় কাপুৰ, আয়ুষ্মান খুৰানা আৰু তেওঁৰ পত্নী তাহিৰা কাশ্যপৰ দৰে বলীউডৰ চেলেব্ৰিটী । দিশাৰ ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে য’ত তেওঁ ডেনিম শ্বৰ্টছ আৰু বেকলেছ ৰঙা টপ পিন্ধি থকা দেখা গৈছে য’ত সুতাৰ বিৱৰণ আছে ।

যোৱা নিশা দিশাক ৰেষ্টুৰেণ্টৰ পৰা ওলাই অহা দেখি পাপাৰাজ্জীয়ে অভিনেত্ৰী গৰাকীক নিজৰ কেমেৰাত বন্দী কৰিছিল (disha patani spotted) ৷ ইফালে শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানকো একেখন ৰেষ্টুৰেণ্টৰ পৰাই ওলাই অহা দেখা গৈছিল (aryan khan spotted) । খানে ক’লা টি-চাৰ্ট আৰু ডেনিম পিন্ধি ৰাতিৰ আহাৰ খাবলৈ ওলাই গৈছিল । বাষ্টিয়ান ৰেষ্টুৰেণ্টৰ পৰা ওলাই অহা আৰিয়ানক ফটো আৰু ভিডিঅ’ত ক্যুল লুকত দেখা গৈছিল । 

অভিনেতা আদিত্য ৰয় কাপুৰকো সেইখন ৰেষ্টুৰেণ্টৰ বাহিৰতে প্ৰত্যক্ষ কৰে পাপাৰাজ্জীয়ে ৷ কেজুৱেল ৰূপত দেখা যায় অভিনেতাজনক (aditya roy kapur news)। অভিনেতা আয়ুষ্মান খুৰানা আৰু তেওঁৰ লেখিকা-পৰিচালক পত্নী তাহিৰা কাশ্যপেও তেওঁলোকৰ ষ্টাইলিছ ৰূপেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে । আন তাৰকাসকলে ফটোৰ বাবে প’জ নিদিয়াকৈ খৰখেদাকৈ নিজ নিজ বাহনলৈ গতি কৰাৰ বিপৰীতে আয়ুষ্মান আৰু তাহিৰাই হাঁহি হাঁহি দিলে ফটোৰ বাবে প’জ (ayushmann khurrana spotted with wife) ৷

লগতে পঢ়ক : SRK news: এক্সন ষ্টাৰ হিচাপে শ্বাহৰুখৰ আৰম্ভণিহে মাথোন এয়া: সিদ্ধাৰ্থ আনন্দ

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.