ETV Bharat / entertainment

SRK news: এক্সন ষ্টাৰ হিচাপে শ্বাহৰুখৰ আৰম্ভণিহে মাথোন এয়া: সিদ্ধাৰ্থ আনন্দ

author img

By

Published : Feb 4, 2023, 5:13 PM IST

পাঠান ছবিখনেৰেই শ্বাহৰুখ খানে এক্সন ছবিৰ ধাৰাত প্ৰৱেশ কৰে ৷ ৰোমাণ্টিক হিৰ’ শ্বাহৰুখক এক্সন ষ্টাৰ ৰূপত আঁকোৱালিও লৈছে চলচ্চিত্ৰপ্ৰেমী দৰ্শকে ৷ পাঠানৰ পৰিচালকে এতিয়া কৈছে যে এক্সন হিৰ’ হিচাপে এইয়া শ্বাহৰুখৰ কেৰিয়াৰৰ আৰম্ভণিহে (Siddharth Anand on SRK) ৷

Siddharth Anand
এক্সন হিৰ’ হিচাপে এইয়া শ্বাহৰুখৰ কেৰিয়াৰৰ আৰম্ভণিহে

এক্সন হিৰ’ হিচাপে এইয়া শ্বাহৰুখৰ কেৰিয়াৰৰ আৰম্ভণিহে

চিটাৰা ডেস্ক, 4 ফেব্ৰুৱাৰী : চলচ্চিত্ৰ নিৰ্মাতা সিদ্ধাৰ্থ আনন্দে তেওঁৰ শেহতীয়াকৈ মুক্তি পোৱা পাঠান ছবিখনৰ সফলতা বাৰুকৈয়ে উপভোগ কৰিছে । এই ছবিখনেৰে চুপাৰষ্টাৰ শ্বাহৰুখ খানে এক দীঘলীয়া বিৰতিৰ মূৰত ছবি জগতলৈ প্ৰত্যৱৰ্তন কৰে ৷ ৰোমাণ্টিক অভিনেতাৰ পৰা অন্য এটা ধাৰালৈ অহা শ্বাহৰুখৰ এই ৰূপ দেখি মতলীয়া হৈ পৰিছে অনুৰাগী ৷ পৰ্দালৈ আহিয়েই খলকনি তুলিছে কিং খানে ৷ এতিয়া পাঠান নিৰ্মাতা সিদ্ধাৰ্থ আনন্দে কৈছে এইয়া মাথোন আৰম্ভণিহে, শ্বাহৰুখে এক্সন ষ্টাৰ হিচাপে এটা যুগ সৃষ্টি কৰিব (Siddharth Anand interview)।

পাঠানৰ মুক্তিৰ পূৰ্বে বিগ বাজেটৰ এই ছবিখন বৰ্জনৰ অভিযান চলিছিল আৰু ছ’চিয়েল মিডিয়াত ছবিখনৰ বিৰুদ্ধে কিছুমান আপত্তিজনক শব্দ ব্যৱহাৰ কৰা হৈছিল । কিন্তু এই সকলোবোৰ নেওচি পাঠানে দৰ্শকৰ পৰা ব্যাপক সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে আৰু বিশ্বজুৰি অভিনেতাজনৰ অনুৰাগীয়ে চাৰি বছৰৰ পাছত অভিনেতাজনক ছবি জগতলৈ উষ্ম আদৰণি জনাইছে ।

‘পাঠান’ৰ কথা ক’বলৈ গ’লে এই ছবিখন আদিত্য চোপ্ৰাৰ অভিলাষী চোৰাংচোৱা বিশ্বব্ৰহ্মাণ্ডৰ অংশ আৰু দেশৰ আগশাৰীৰ তাৰকা শ্বাহৰুখ খান, দীপিকা পাডুকন আৰু জন আব্ৰাহামে ইয়াত মুখ্য চৰিত্ৰত অভিনয় কৰিছে । ছবিখনত ডিম্পল কাপাডিয়া আৰু আশুতোষ ৰানায়ো গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে । ইয়াৰ লগতে অসমবাসীৰ বাবে গৌৰৱৰ বিষয় যে ছবিখনত সুদৰ্শন অভিনেতা দিগন্ত হাজৰিকাই অভিনয় কৰিছে ৷

ৱাৰ আৰু বেং বেং আদি এক্সন নাটকৰ বাবে পৰিচিত সিদ্ধাৰ্থ আনন্দ । ৱাৰত হৃত্বিক ৰোশন আৰু টাইগাৰ শ্ৰফে অভিনয় কৰিছিল ৷ পাঠান নিৰ্মাতাই এই ছবিখনত শ্বাহৰুখ আৰু ছলমানৰ যুটিটোৰে অনুৰাগীৰ মনত উৎসুকতাৰ সৃষ্টি কৰে ৷ ছবি নিৰ্মাতাগৰাকীয়ে কয় যে দুয়ো খানক একত্ৰিত কৰাৰ কৃতিত্ব প্ৰযোজক আদিত্য চোপ্ৰাৰ হাতত ।

বিশ্বজুৰি 8000 ৰো অধিক পৰ্দাত মুক্তি পোৱাৰ পিছতো বক্স অফিচত অপ্ৰতিৰোধ্য ৰূপে ধৰা দিছে পাঠানে । ছবিখনৰ ছিকুৱেল হোৱাৰ সম্ভাৱনা আছে কিয়নো বিগত সপ্তাহত মুম্বাইত ছবিখনৰ সফলতাক কেন্দ্ৰ কৰি অনুষ্ঠিত কৰা অনুষ্ঠানটোত এছ আৰ কে আৰু সিদ্ধাৰ্থ দুয়োজনেই পাঠান 2 ৰ ইংগিত দিছিল ।

লগতে পঢ়ক : Paulo Coelho ৰ বাবে শ্বাহৰুখ খান হৈছে 'ৰজা-কিংবদন্তী-বন্ধু'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.