কলিয়াবৰত বানৰ মাজতে পহু আৰু অজগৰ উদ্ধাৰ

By

Published : Jun 21, 2022, 2:14 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

thumbnail

ৰাজ্যত বানৰ প্ৰলংকাৰী ৰূপ (Koliabor flood) ৷ মঙলবাৰে কলিয়াবৰত দুটাকৈ বন্যপ্ৰাণী উদ্ধাৰ ৷ কলিয়াবৰৰ বৰঘূলী অঞ্চলত বানৰ মাজতে এটা ছাগলী পহু উদ্ধাৰ কৰে (Wild Animal Rescued at Kaliabor) ৷ লাওখোৱা অভয়াৰণ্যৰ পৰা বানৰ পৰা পৰিত্ৰাণ পাবলৈ বন্যপ্ৰাণীকেইটা ওলাই আহিছিল বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ বৰঘূলীৰ স্থানীয় ৰাইজে পহুটো উদ্ধাৰ কৰি বন বিভাগক গতাই দিয়ে ৷ আনহাতে, কলিয়াবৰৰ সোণাৰী চাহ বাগিচাৰ তপাহোলাৰ পৰা এটা অজগৰ উদ্ধাৰ কৰে প্ৰকৃতিপ্ৰেমী সঞ্জীৱ ডেকাই ৷ ডেকাই উদ্ধাৰ কৰা অজগৰটো শিলঘাট-কামাখ্যা সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে বুলি জানিবলৈ দিয়ে ৷

Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.