Jorhat police encounter: AMCHত চিকিৎসাধীন গুলীবিদ্ধ ডকাইত

By

Published : Dec 1, 2022, 1:43 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

শেহতীয়াকৈ যোৰহাট আৰক্ষীৰ এনকাউণ্টাৰত গুৰুতৰভাৱে আহত হোৱা দুৰ্ধৰ্ষ ডকাইত ৰাহুল চাহু ওৰফে ৰাজেশ চাহুক অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে (Injured Dacoit admitted to AMCH)। হাস্পতালখনৰ অৰ্থোপেডিক বিভাগত ভৰ্তি কৰোৱা হৈছে গুলীবিদ্ধ ডকাইতটোক । মঙলবাৰে নিশা যোৰহাট আৰক্ষীৰ বেষ্টনী ভাঙি পলাবলৈ চেষ্টা কৰিছিল ৰাজেশ চাহু নামৰ ডকাইতটো । তেতিয়াই আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ডকাইতটো (Dacoit injured in Jorhat encounter)। অসম চিকিৎসা মহাবিদ্যালয়ৰ অৰ্থোপেডিক বিভাগৰ চিকিৎসকৰ দলে চিকিৎসা কৰি থকা ডকাইতটোৰ ভৰিৰ পৰা সঘনাই ৰক্তক্ষৰণ হৈ থকা বাবে সোনকালে অস্ত্ৰোপচাৰ কৰিব পৰা নাযাব বুলি জনাইছে অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙীয়াই । উল্লেখ্য যে যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তত সংঘটিত চুৰি, ডকাইতি ঘটনাৰ লগত জড়িত আছিল ডকাইতটো । ২৬ নৱেম্বৰত সংঘটিত ডকাইতি কাণ্ডটোৰ চিচিটিভি ফুটেজ ইতিমধ্যে সংবাদমাধ্যমৰ হাতত পৰিছে (Jorhat dacoit case) । নিশা মাৰোৱাৰীপট্টিৰ এখন দোকানত দুই অস্ত্ৰধাৰী দুৰ্বৃত্তই এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰাৰ ধন দাবী কৰিছিল, কিন্তু বিচৰা ধন নাপায় দলটোৱে কৰ্মচাৰীলৈ লক্ষ্য কৰি গুলীচালনা কৰে (Jorhat firing)। গুলীচালনাত এজন কৰ্মচাৰী গুৰুতৰভাৱে আহত হয় । আনহাতে এই ডকাইতি কাণ্ডত জড়িত আন এটা ডকাইত প্ৰাঞ্জল বৰা ওৰফে দেহও সম্প্ৰতি চিকিৎসাধীন । আৰক্ষীৰ এনকাউণ্টাৰত আহত হৈছিল ডকাইতটো ।

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.