Assam Bandh: বন্ধৰ সমৰ্থনত মৰাণৰ ৰাজপথত টায়াৰ জ্বলিয়েই আছে

By

Published : Nov 15, 2022, 10:10 AM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰসংগক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে মঙলবাৰে ৰাজ্যজুৰি ১২ ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছে ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই (Demanding scheduling of six communities) ৷ উজনি অসমত এই বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে (12 hour Assam bandh) ৷ উজনি অসমৰ বহুকেইটা স্থানত বন্ধৰ বাবে জনজীৱন ব্যাহত হৈ পৰিছে ৷ ডিব্ৰুগড় জিলাৰ মৰাণতো বন্ধৰ প্ৰভাৱ পৰা দেখা গৈছে । চহৰখনত যথেষ্ট সংখ্যক আৰক্ষী, চিআৰপিএফ বাহিনী মোতায়েন কৰা হৈছে । অৱশ্যে তাৰ মাজতে ঠায়ে ঠায়ে ৰাজপথত টায়াৰ জ্বলোৱাও দেখা গৈছে । বন্ধৰ সমৰ্থকে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে । আনহাতে ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে আগন্তুক দিনত ভয়াৱহ আন্দোলন কৰাৰো হুংকাৰ দিছে প্ৰতিবাদকাৰীয়ে ।

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.