কলগাছিয়াত দিন দুপৰতেই ড্ৰাগছৰ মুকলি বেহা

By

Published : Aug 30, 2022, 10:39 AM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

ৰাজ্যখনত নিষিদ্ধ ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে পূৰ্বতকৈ অধিক কঠোৰ হৈ অব্যাহত ৰাখিছে অভিযান(Anti drugs mission by Assam police)৷ তাৰ মাজতো একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে চলাই আছে ড্ৰাগছৰ ব্যৱসায় । ফলত নৱ প্ৰজন্মৰ বাবে মাৰাত্মক ব্যাধিত পৰিণত হৈছে নিষিদ্ধ ড্ৰাগছ ৷ ড্ৰাগছ কৱলত পৰি ধ্বংস হৈছে বহু যুৱক ৷ এনে এক পৰিৱেশেই বিৰাজ কৰিছে বৰপেটা জিলাৰ কলগাছিয়াত(Drugs business in Kalgasia)। এতিয়া উক্ত অঞ্চলটোত মুকলি ভাবে চলিছে ড্ৰাগছ সেৱন । আব্দুল মান্নান নামৰ লোকজনৰ কলখেতিত দিন দুপৰতেই ড্ৰাগছৰ বেহা চলা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে(Open Drugs business in Barpeta)। ইফালে ড্ৰাগছ ব্যৱসায়ৰ অভিযোগত দুদিন পূৰ্বে আটক কৰা কুখ্যাত ব্যৱসায়ী গোলাম মোস্তফাক ৰহস্যজনক ভাবে আৰক্ষীয়ে এৰি দিয়াৰ লগে লগেই সৰৱ হৈছে ৰাইজ । দেওবাৰে পুনৰ মোস্তফাই ড্ৰাগছ বিক্ৰি কৰাৰ লগে লগে কেইজনমান আসক্ত যুৱকে মান্নানৰ কল খেতিত বহুৱাই ড্ৰাগছ সেৱনৰ এক আড্ডা । এই খবৰ পাই দিন দুপৰতেই ড্ৰাগছ সেৱনৰ মুকলি আড্ডা চলি থকা অৱস্থাত ৰাইজে চলায় অভিযান । ৰাইজক দেখি তৰানৰা ছিঙি পলাই পত্ৰং দিয়ে ড্ৰাগছ সেৱনকাৰীয়ে । স্থানীয় ৰাইজৰ অভিযোগ, উক্ত স্থানত দৈনিক ১০/১৫ জনীয়া ড্ৰাগছ সেৱনকাৰী দলে মুকলি ভাবে এই বৰবিহ সেৱন কৰি আহিছে যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে ।

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.