Hospital problems in Jorhat: এগৰাকীও চিকিৎসক নাই জাঁজীমুখ ৰাজ্যিক চিকিৎসালয়ত

By

Published : Dec 21, 2022, 2:26 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

যিটো সময়ত বিয়াগোম স্বাস্থ্য বিভাগে বিভাগটোৰ অভূতপুৰ্ব পৰিৱৰ্তনৰ কথা কৈ আহিছে, সেই সময়তে এগৰাকী চিকিৎসক বিচাৰি ৰোগীয়ে হাহাকাৰ কৰিবলগীয়া হৈছে যোৰহাট জিলাৰ জাঁজীমুখত(Hospital problems in Jorhat) । জাঁজীমুখৰ প্ৰায় ১০ হাজাৰ জনতাৰ একমাত্ৰ চিকিৎসাৰ ভৰষা জাঁজীমুখ ৰাজ্যিক চিকিৎসালয়ৰ (Janjimukh State Hospital) একমাত্ৰ চিকিৎসকগৰাকীৰ বদলি হোৱাত আজিৰ তাৰিখত নাই এগৰাকীও চিকিৎসক(No doctor in Janjimukh state hospital) । ফাৰ্মাচিষ্টগৰাকীয়েই চিকিৎসালয়লৈ অহা ৰোগীক মানৱীয়তাৰ খাতিৰত দুই এটা প্ৰাথমিক ঔষধ প্ৰদান কৰিছে যদিও, প্ৰত্যেকগৰাকী ৰোগীয়েই বিনা চিকিৎসাৰে উভতিব লগা হৈছে । ইফালে যোৱা ৮ মাহে চিকিৎসালয়খনত নাই জি এন এম নাৰ্ছ । যাক লৈ চৰম সমস্যাত পৰিছে ৰোগীৰ লগতে চিকিৎসালয়খনৰ আন কৰ্মচাৰীসকলো । সেয়ে অনতি পলমে এজন চিকিৎসক প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে জাঁজীমুখৰ ৰাইজে ।

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.