Death threats to ASU leader: যোৰহাটত আছুৰ নেতাক প্ৰাণে মৰাৰ ভাবুকি

By

Published : Nov 27, 2022, 9:01 AM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

যোৰহাট জিলা ছাত্ৰ সন্থাৰ উপ সভাপতিক প্ৰাণে মৰাৰ ভাবুকি (Death threats to ASU leader) ৷ এখন বলেৰ' বাহনেৰে পিছফালৰ পৰা খুন্দিয়াই মৰাৰ চেষ্টা কৰিছিল যদিও কোনোমতে প্ৰাণৰক্ষা পৰে পৰীক্ষিত ফুকনৰ ৷ ঘটনাৰ বিৱৰণী অনুসৰি, চেলেংহাটস্থিত এখন গাহৰি ফাৰ্মত বহিঃৰাজ্যৰ গাহৰি অবৈধভাৱে সৰবৰাহ হোৱাৰ তথ্য লাভ কৰিছিল পৰীক্ষিত ফুকনে (Illegal supply of pigs) ৷ তাৰ পিছতেই শনিবাৰে নিশা পুনৰ গাহৰি সৰবৰাহৰ সময়তে বাধা প্ৰদান কৰিছিল পৰীক্ষিত ফুকনে ৷ বাধা প্ৰদানৰ বাবেই পৰীক্ষিত ফুকনক বাহনেৰে আক্ৰমণৰ অপচেষ্টা চলাই শইকীয়া উপাধিৰ মালিকৰ বাহনখনে ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যেই চেলেংহাট আৰক্ষীক অৱগত কৰিছে বুলি জানিব পৰা গৈছে ৷

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.