অলপতে সংঘটিত চাইদুল হত্যাকাণ্ডক লৈ হোজাইৰ আৰক্ষী অধীক্ষকৰ সংবাদমেল

By

Published : Aug 26, 2022, 8:18 AM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

মোৰাঝাৰৰ চাইদুল হত্যাকাণ্ডক লৈ বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰে হোজাই জিলাৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই (Hojai SP Press conference on saidul muder case)৷ ইতিমধ্যে চাইদুল হত্যাকাণ্ডৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে হোজাই আৰক্ষীয়ে (saidul muder case)৷ হাইদৰাবাদৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে জেনিফা বেগম আৰু হিফজুৰ ৰহমান (Two accused arrested) নামৰ দুই ব্যক্তিক ৷ আটকাধীন দুই অভিযুক্তকে বৃহস্পতিবাৰে শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰা হয় ৷ সংবাদমেলত আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, যোৱা ২৮ জুন তাৰিখে ঘৰৰ পৰা মাতি আনি অতি জঘন্য বাবে হত্যা কৰিছিল চাইদুল ইছলামক ৷ প্ৰেমজনিত কাৰণত এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ ৷ প্ৰেমিকা জেনিফাৰ ঘৰৰ পিছফালে পুতি থোৱা অৱস্থাত মাটি খান্দি ওলোৱা হৈছিল চাইদুলৰ মৃতদেহ (lover killed Saidul)৷ ঘটনাৰ পাছতেই হিফজুৰ ৰহমান ভাৰত এৰি পলায়ন কৰিছিল ডুবাইলৈ আৰু জেনিফা পলায়ন কৰিছিল হাইদৰাবাদলৈ ৷ পৰবৰ্তী সময়ত ডুবাইৰ পৰা হাইদৰাবাদত জেনিফাৰ সৈতে আত্মগোপন কৰি আছিল হিফজুৰে ৷ ইফালে এই ঘটনাৰ লগত জড়িত বহু লোক অতি শীঘ্ৰেই আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.