Grenade recovered in Hojai: হোজাই জিলা সদৰ শংকৰদেৱ নগৰত উদ্ধাৰ গ্ৰেণেড

By

Published : Jul 22, 2022, 9:20 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰত গ্ৰেণেড উদ্ধাৰ (Grenade recovered in Hojai)। শংকৰদেৱ নগৰৰ এপিডিচিএলৰ 32 কেভি পাৱাৰ ষ্টেচনৰ চৌহদত উদ্ধাৰ গ্ৰেণেডটো । পাৱাৰ ষ্টেচনৰ পৰিত্যক্ত কোৱাটাৰ জেচিবিৰে ভাঙি থকা অৱস্থাত উদ্ধাৰ হোৱা গ্ৰেণেডটোকলৈ তৎপৰ হৈ পৰিছে আৰক্ষী । ইতিমধ্যে গ্ৰেণেড থকা ঠাইখিনি আৰক্ষীয়ে চীল কৰি বোমা স্কোৱাদৰ দললৈ খবৰ পঠিয়াইছে ৷ উল্লেখ্য যে ,মামৰে ধৰা গ্ৰেণেডটো উদ্ধাৰ হোৱা স্থানত পূৰ্বতে সেনাবাহিনীৰ এটা কেম্প আছিল (Grenade at Sankardev Nagar) । সন্দেহ কৰা হৈছে সেনাবাহিনীৰ কোনো জোৱানৰ পৰা পৰি ৰৈছিল উদ্ধাৰ হোৱা গ্ৰেণেডটো ।

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.