CM Flag Off Solar Powered Lights: সৌৰশক্তি চালিত লাইট যোগানৰ ফ্লেগ অফ মুখ্যমন্ত্ৰীৰ

By

Published : Dec 13, 2022, 5:16 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

মঙলবাৰে দিছপুৰৰ জনতা ভৱনৰ চৌহদত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই "আৰ্ট অৱ লিভিঙৰ" ৰ প্ৰতিষ্ঠাপক ৰবি শংকৰৰ অনুষ্ঠান Art Of Living ৰ জৰিয়তে প্ৰদান কৰা সৌৰশক্তি চালিত লাইটৰ ফ্লেগ অফ কৰে (CM Flag Off Solar Powered Lights) ৷ এই অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Chief Minister Himanta Biswa Sarma) কয় যে যোৱা ২৫ ছেপ্টেম্বৰত কাজিৰঙাত এক চিন্তন বৈঠক (Sintan Baithak at Kaziranga)) অনুষ্ঠিত হৈছিল ৷ সেই বৈঠকত Art of living ৰ প্ৰতিষ্ঠাপক ৰবি শংকৰক আমন্ত্ৰণ জনোৱা হৈছিল ৷ Art of living য়ে সৌৰশক্তিৰ জৰিয়তে ২০১৩ চনৰ পৰা অৰুণাচল প্ৰদেশ, মনিপুৰ, মেঘালয় আৰু অসমৰ ৭৬০ খন গাঁৱৰ ৩০০০ টা গৃহক সমৰি এই আচঁনি ৰূপায়ণ কৰি থকা হৈছে ৷ ইয়াৰে প্ৰতিকী হিচাপে আজি Art of living য়ে সৌৰ শক্তিৰ দ্বাৰা চালিত লাইট কাৰ্বি আংলঙলৈ পঠোৱাৰ ব্যৱস্থা কৰিছে ৷ অসমৰ যিবোৰ ঠাইত এতিয়াও বিদ্যুৎ পোৱাগৈ নাই সেই ঠাইসমূহলৈ এই লাইটৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.