Suicide in Guwahati: গুৱাহাটীৰ গেম ভিলেজত কনিষ্টবলৰ আত্মহত্যা

By

Published : Jan 18, 2023, 1:36 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

গুৱাহাটী মহানগৰীত পুনৰ আত্মহত্যাৰ আন এটা ঘটনা সংঘটিত হৈছে (Mysterious Suicide in Guwahati) । মহানগৰীৰ লালমাটিস্থিত গেম ভিলেজৰ A2 ব্লকৰ চতুৰ্থ মহলাৰ 403 নম্বৰ ফ্লেটত উদ্ধাৰ হৈছে ৰমেন সুত্ৰধৰ নামৰ এজন কনিষ্টবলৰ মৃতদেহ (Suicide at Guwahati in Game Village) । উল্লেখ্য় যে বাক্সা জিলাৰ ৰমেন সুত্ৰধৰ নামৰ কনিষ্টবলজনে 1st APBNত প্ৰশিক্ষণৰত অৱস্থাত আছিল । প্ৰশিক্ষণৰত কনিষ্টবলজন মহানগৰীৰ গেম ভিলেজত বেটেলিয়েনটোৰ এটা অস্থায়ী শিবিৰত আছিল ।

মঙলবাৰে নিশা নিজৰ কৰ্তব্য সমাপন কৰি শিবিৰলৈ আহি আহাৰ গ্ৰহণ কৰাৰ পাছত শুই পৰে । আজি পুৱা চিপ লৈ থকা অৱস্থাত প্ৰত্য়ক্ষ কৰে একেটা কোঠাতে থকা আন এজন কনিষ্টবলে । পিছত বশিষ্ঠ থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো থানালৈ নিয়ে । অৱশ্যে কি কাৰণে কনিষ্টবলজনে এনে ঘটনা সংঘটিত কৰিলে বৰ্তমানলৈ সেয়া জানিব পৰা হোৱা নাই । উল্লেখযোগ্য যে গেম ভিলেজত পূৰ্বেও এনে ঘটনা সংঘটিত হৈছিল ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.