চুৰিকাণ্ডৰ সাক্ষ্য প্ৰদানক কেন্দ্ৰ কৰি গটঙাত মাৰপিটৰ সুত্ৰপাত

By

Published : Oct 20, 2022, 10:56 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

হঠাৎ উত্তপ্ত হৈ পৰিল চামগুৰিৰ গটঙা ৷ এটা চুৰিকাণ্ডৰ সন্দৰ্ভত সাক্ষ্য প্ৰদানক কেন্দ্ৰ কৰি বুধবাৰে নিশা গটঙাত দুটা পক্ষৰ মাজত মাৰপিটৰ সুত্ৰপাত হয় (Fighting between the two parties at Samaguri) । প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, গটঙাৰ এটা পানীযোগান আঁচনিৰ সামগ্ৰী চুৰি হোৱাৰ সন্দৰ্ভত আইনুল হক নামৰ লোকজনে আৰক্ষীৰ সন্মুখত সাক্ষ্য প্ৰদান কৰিছিল ৷ যাৰ অভিযোগতে চোৰৰ চক্ৰটোৱে আদবাটতত আগচি ধৰি আইনুল হকক বেয়াকৈ প্ৰহাৰ কৰি পথৰ দাঁতিত পেলাই থৈ যায় (Man injured in clash at Samaguri)৷ পৰৱৰ্তী সময়ত স্থানীয় লোকৰৰ তৎপৰতাত খবৰ দিয়া হয় আৰক্ষীক ৷ ঘটনা স্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ আইনুল হকক ততাতৈয়াকৈ চামগুৰি প্ৰাৰ্থমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়া হয় যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয় । এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত বিৰাজ কৰিছে এক উত্তেজনাময় পৰিস্থিতি ৷

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.