APSC Exam 2022: স্বচ্ছভাৱে পৰীক্ষা পতাৰ বাবে চৰকাৰক ধন্যবাদ বিজিত পাঠকৰ

By

Published : Oct 22, 2022, 7:03 AM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

শুকুৰবাৰে ঘোষণা হ’ল 2020 বৰ্ষৰ APSC ৰ ফলাফল (APSC CCE final result declared) ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে শুকুৰবাৰে অসমীয়া ভাষাৰ প্ৰশ্নকাকত বাতিলৰ চৰকাৰী সিদ্ধান্ত বাহাল ৰখাৰ পাচতে ফলাফল ঘোষণা কৰা হয় ৷ APSC ত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হয় বিজিত পাঠকে (Bijit Pathak tops APSC results list) ৷ বাক্সা জিলাৰ নিকাছি ধনশ্ৰীপুৰৰ বাসিন্দা বিজিত ৷ বিজিতৰ সাফল্যত উৎফুল্লিত পৰিয়ালবৰ্গৰ লগতে গাঁওবাসী ৷ শুকুৰবাৰে বাক্সা জিলাৰ বিভিন্ন দল-সংগঠনে বিজিত পাঠকক সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হয় ৷ ইফালে বিজিত পাঠকে কয়, "শেহতীয়াকৈ বহু কেলেংকাৰীয়ে APSCৰ গৰিমা ম্লান কৰি পেলাইছিল যদিও এইবাৰে নিকা আৰু স্বচ্ছভাৱে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সকলোৱে আশানুৰূপ ফল পাইছে ৷ সেয়েহে মই APSC তথা অসম চৰকাৰক ধন্যবাদ জনাইছো ৷"

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.